Hiv:ৰাষ্ট্ৰীয় হাৰতকৈও অধিক অসমত আক্ৰান্তৰ হাৰ

বেজীৰে ড্ৰাগছ লৈ ৰাজ্যত এইছআইভিত আক্ৰান্তৰ হাৰ ভয়াৱহ বৃদ্ধি

hiv positiv

Hiv:

দেশৰ ভিতৰতে অসমত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে এইছআইভি পজিটিভ ৰোগীৰ সংখ্যা। ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্রণ সংস্থাই শেহতীয়াকৈ সদৰী কৰিছে যে বিশেষকৈ একেটা বেজীৰে শৰীৰত ড্ৰাগছ গ্ৰহণ কৰি এই ৰোগত আক্ৰান্তৰ হাৰে ৰাষ্ট্ৰীয় হাৰকো চেৰ পেলাইছে।

তথ্য অনুসৰি অসমত ২৬,১৫৬ জন বেজীৰ জৰিয়তে ড্ৰাগছ ব্যৱহাৰ কৰা লোক আছে। সেইসকলৰ মাজত এইছআইভি পজিটিভত আক্ৰান্তৰ হাৰ হ’ল ১১.২৪ শতাংশ।

ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় হাৰ হ’ল ৯.০৩ শতাংশ। প্ৰতি বছৰে এনেদৰে আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হৈছে। ২০২০-২১ত এই হাৰ আছিল ছয় শতাংশ। ২০২১-২২ত হাৰ হয় ২৬ শতাংশ আৰু ২০২২-২৩ত হাৰৰ পৰিমাণ বৃদ্ধি হয় ৪৩ শতাংশলৈ। ২০২৩-২৪ৰ এপ্ৰিলৰ পৰা জুনৰ ভিতৰত আক্ৰান্তৰ হাৰ ৫০ শতাংশলৈ বৃদ্ধি হয়।

ইপিনে, জিলাসমূহৰ ভিতৰত কামৰূপত সৰ্বাধিক এইছআইভি আক্রান্ত লোক পোৱা গৈছে। ২০২২-২৩ত জিলাখনত এই সংখ্যা আছিল ৮১৬ জন। ইয়াৰ পাছতে নগাঁৱত ৭০৭ আৰু কাছাৰত ৪০৭ জনৰ তথ্য পোহৰলৈ আহে।

অসমত যৌন সম্পৰ্কৰ জৰিয়তেও বহু লোকৰ মাজত এইচআইভিৰ সংক্ৰমণ তথ্য পোহৰলৈ আহিছে। কিন্তু আটাইতকৈ স্পৰ্শকাতৰ হৈছে একেটা বেজীৰ জৰিয়তে শৰীৰত ড্ৰাগছ সুমুৱাই লোৱা বিষয়টো।

এইডছ নিয়ন্ত্রণ সমিতিয়ে সদৰী কৰা অনুসৰি সামগ্রিকভাৱে অসমত ২০২২৩ এইছআইভিত আক্ৰান্তৰ হাৰ হ’ল ০.১১ শতাংশ। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় হাৰ হ’ল ০.২ শতাংশ।

সংখ্যাৰ হিচাপত ২০২২ত অসমত থকা এইছআইভি পজিটিভত আক্ৰান্তৰ সংখ্যা হ’ল ৩০,০৬৭ জন। সামগ্রিকভাৱে ৰাষ্ট্ৰীয় হাৰতকৈ কম হ’লেও অসমত আক্ৰান্তৰ হাৰ ঊৰ্ধ্বমুখী বুলি ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্রণ সংস্থাই সদৰী কৰিছে।

Exit mobile version