Drugs Paddler Arrested :নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ অভিযান আৰক্ষীৰ

জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ,আটক তিনি ড্ৰাগছ পেডলাৰ

drugs paddler Arrested

Drugs Paddler Arrested :

ৰাজ্যখনৰ মধ্যাঞ্চলৰ অন্যতম আগশাৰী চহৰ নগাঁও ড্ৰাগছ পেডলাৰৰ ঘাটি হৈ পৰাৰ অভিযোগ উঠাৰ মাজতে নগাঁও আৰক্ষী ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে তৎপৰ হৈ বৃহৎ অভিযান চলায় বিভিন্ন অঞ্চলত ৷

জিলা খনৰ কামপুুৰ থানা আৰু চাপৰমুখ থানাৰ সীমামুৰীয়া কাকতিগাঁও তিতাইমাৰী দলঙৰ কাষত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি অৰ্তকিতে চলোৱা অভিযানত কে’বাজনো ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষী দলক দেখি পলায়ন কৰিবলৈ চেষ্টা কৰা ড্ৰাগছ তিনি সৰবৰাহকাৰীক আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰে । অৱশ্যে পাঁচ ড্ৰাগছ মাফিয়াৰ দুজনে এন্ধাৰৰ সূযোগ লৈ পলায়ন কৰে। ধৃত মাফিয়া কেইটাৰ পৰা জব্দ কৰে ২০ টা চাবোনৰ বাকচত ভৰাই অনা নিষিদ্ধ ব্ৰাউন চুগাৰ

উল্লেখ্য যে,ড্ৰাগছ মাফিয়া কেইটাক আৰক্ষীয়ে আটক কৰাৰ পাছতে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত যাৰবাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় ৷

নিশাই নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্ত চাপৰমুখ আৰক্ষী চকীত উপস্থিত হৈ ধৃত কেইজনক জেৰা কৰে অধিক তথ্যৰ বাবে।

অৱশ্যে তদন্তৰ ঘাটিৰত ধৃত ড্ৰাগছ মাফিয়াকেইটাৰ নাম সদৰি কৰাৰ পৰা বিৰত থাকে আৰক্ষী।

Exit mobile version