Tulika Nitanjali Kalkendra:বীকুছিৰ তুলিকা নৃত্যঞ্জলি কলাকেন্দ্ৰৰ গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ সফল সামৰণি

guwahati

Tulika Nitanjali Kalkendra:

গুৱাহাটীৰ সত্ৰীয় নৃত্য শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান তুলিকা নৃত্যঞ্জলি কলাকেন্দ্ৰৰ উদ্যোগত যোৱা ২১ জুলাইৰ পৰা অনুষ্ঠিত হোৱা ৭ দিনীয়া গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ আজি সফল সামৰণি পৰে।

ADVERTISEMENT

এই উপলক্ষে বীৰকুচিস্থিত তুলিকা নৃত্যঞ্জলি কলাকেন্দ্ৰ প্ৰাংগনত অনুষ্ঠিত সামৰণি অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা মুঠ ৭০ গৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰা হয়।

এই কৰ্মশালাত শিশু চেমনীয়াক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ গীতৰ আধাৰত সৃজনশীল নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা বিশিষ্ট নৃত্যশিল্পী তুলিকা ভূঞা বৰুৱা আৰু পাশ্চাত্য নৃত্যৰ মুখ্য প্ৰশিক্ষক হেমেন শৰ্মাক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়।

নৃত্য শিক্ষানুষ্ঠান খনৰ নৃত্য প্ৰশিক্ষক কস্তুৰী কাশ্যপে আত ধৰা অনুষ্ঠানতোত পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামী, পদ্মশ্ৰী বায়ানাচাৰ্য ঘনকান্ত বৰা,কণ্ঠশিল্পী মনীষা হাজৰিকা, গীতিকাৰ মঞ্জুলা ভট্টাচাৰ্য, কণ্ঠশিল্পী নৃত্যনন্দ ডেকা, সাংস্কৃতিক সাংবাদিক অতুল দত্ত, সঙ্গীত পৰিচালক সৌৰভ মহন্ত উপস্থিত থাকে ।

উল্লেখ্য যে,নৱপ্ৰজন্মক বিষ্ণু-জ্যোতিৰ সৈতে পৰিচয় কৰি দিয়াৰ লক্ষ্যৰে এই ৭দিনীয়া সৃজনশীল নৃত্যৰ কৰ্মশালা আৰু পাশ্চাত্য নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়।

Exit mobile version