Free Tomatoes:ম’বাইল ফোন কিনিলে বিনামূল্যে দিব দুই কিলো বিলাহী

বিপণীত গ্ৰাহকে কৰিছে ভিৰ

madhya pradesh

Free Tomatoes:

বিলাহী এতিয়া এক মূল্যবান পাচলিত পৰিণত হৈছে। এক কিলো বিলাহীৰ মূল্য এতিয়া বজাৰত কমেও এশ টকা।

দেশৰ কোনো কোনো চহৰত প্ৰতি কিলো বিলাহী বিক্ৰী হৈছে ১৬০-১৮০ টকা মূল্যত। বিলাহীৰ এনে মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মেকড’নাল্ডৰ দৰে বিশ্বখ্যাত ৰেস্তোৰাঁই এতিয়া নিজৰ খাদ্য সম্ভাৰত বিলাহী ব্যৱহাৰ কৰিবলৈ বাদ দিছে।

এইবাৰ বিলাহীৰ সন্দৰ্ভত এক নতুন বাতৰি প্ৰকাশ পালে বিভিন্ন সামাজিক মাধ্যমত । ম’বাইল ফোন কিনিলে গ্রাহকে বিনামূল্যে লাভ কৰিব দুই কিলো বিলাহী।

হয়, সম্প্রতি মধ্য প্ৰদেশত এজন ম’বাইল ফোনৰ ব্যৱসায়ীয়ে নিজৰ বিপণীত এনে এখন আঁচনি প্ৰৱৰ্তন কৰিলে। এই আঁচনি অনুসৰি, বিপণীখনে প্ৰতিটো ম’বাইল ফোন ক্ৰয় কৰা ব্যক্তিক বিনামূলীয়াকৈ দুই কিলো বিলাহী উপহাৰ দিব।

ভূপালৰ ম’বাইল ফোনৰ বিক্রেতা এজনে নিজৰ দোকানৰ সন্মুখত হ’ৰ্ডিং বেনাৰ আঁৰি এই আঁচনিৰ কথা গ্ৰাহকক অৱগত কৰিছে। সম্প্রতি বহু গ্রাহকে এই বিপণীত ভিৰ কৰিছে।

বিপণীৰ গৰাকীয়ে ঘোষণা কৰা অনুসৰি, তেওঁৰ বিপণীৰ পৰা স্মার্টফোন ক্ৰয় কৰা প্ৰতিজন গ্ৰাহকক সম্পূৰ্ণ বিনামূল্যে প্ৰদান কৰা হ’ব দুই কিলোগ্রাম বিলাহী।

বিপণীৰ পৰা ম’বাইল ক্ৰয় কৰা গ্ৰাহকেও ম’বাইলৰ লগতে দুই কিলো বিলাহী লগত লৈ হাঁহি মুখৰে বিদায় লৈছে ।

Exit mobile version