Mizuram:২৪ ঘণ্টাৰ ভিতৰত মিজোৰাম ত্যাগ কৰিবলৈ মেইটেইসকলক কঠোৰ নিৰ্দেশ

mizuram

Mizuram:

মণিপুৰৰ হিংসাত্মক ঘটনা চুবুৰীয়া ৰাজ্য মিজোৰামলৈ প্ৰসাৰিত হোৱাৰ আশংকাই দেখা দিছে। মিজোৰামৰ প্রাক্তন উগ্ৰপন্থী সংগঠন পিছএক’ৰ্ট এমএনএফ ৰিটাজি এছ’চিয়েছন (পামৰা)ই মিজোৰামত বসবাস কৰি থকা মেইটেই সকলক ৰাজ্য ত্যাগ কৰিবলৈ ২৪ ঘণ্টাৰ চূড়ান্ত সীমা বান্ধি দিছে।

তেওঁলোকৰ নিজস্ব সুৰক্ষাৰ বাবে যথাসম্ভৱ সোনকালে মিজোৰাম মেইটেই সকলে মিজোৰাম ত্যাগ কৰিব লাগে বুলি প্রাক্তন এমএনএফে সকীয়াই দিছে। অন্যথা পৰিণাম ভয়াৱহ হ’ব পাৰে বুলিও আঙুলিয়াই দিছে।

মণিপুৰত যোৱা চাৰি মে’ত দুগৰাকী মহিলাক বিবস্ত্র অৱস্থাত পথত খোজ কঢ়োৱা আৰু দলবদ্ধ ধৰ্ষণ কাণ্ডৰ বীভৎস ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে এই সকীয়নি দিছে মিজো সংগঠনটোৱে।

ইণ্ডিজিনিয়াছ ট্রাইবেল লীডাৰ্ছ ফ’ৰামৰ মতে, এই মহিলাসকল কুকী-জো সম্প্রদায়ৰ আৰু তেওঁলোকৰ ওপৰত নৃশংস নির্যাতন চলোৱাসকল মেইটেই লোক। আজি প্রকাশিত বিবৃতিটোত মিজোৰামৰ প্ৰাক্তন উগ্ৰপন্থী গোটটোৱে এইদৰে কয় যে নিজ সুৰক্ষাৰ বাবে মেইটেইসকল ৰাজ্যখন এৰি আঁতৰি যাব লাগে।

যদিহে কিবা অপ্রীতিকৰ ঘটনা তেওঁলোকৰ স’তে সংঘটিত হয় তেন্তে তাৰ বাবে তেওঁলোকে দায়ী হ’ব বুলি মেইটেইসকলক উদ্দেশি পামনাই সকীয়াই দিয়ে। বিবৃতিত কয় যে মণিপুৰৰ জো-খিলঞ্জীয়া সম্প্ৰদায়ৰ প্ৰতি হোৱা নৃশংস আচৰণৰ বিষয়ে সমগ্ৰ বিশ্বই জ্ঞাত হৈছে। মণিপুৰত মেইটেইসকলে ৰাজ্যখনৰ বাসিন্দা।

জো-খিলঞ্জীয়া গোটৰ প্ৰতি কৰা আচৰণে বিশ্বকে স্তম্ভিত কৰিছিল। পামৰাই মিজোৰামৰ মেইটেই জনগোষ্ঠীক এনে কাণ্ডৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। আমি তেওঁলোকক ক’ব বিচাৰো যে সাবধানতা অবলম্বন নকৰাৰ বাবে তেওঁলোকৰ স’তে কিবা বেয়া ঘটনা সংঘটিত হয় তাৰ বাবে তেওঁলোক দায়ী হ’ব।’ সংগঠনটোৱে কয় যে, মণিপুৰত জো-খিলঞ্জীয়া গোটৰ প্ৰতি মেইটেইসকলৰ আচৰণে মিজো সম্প্রদায়ক গভীৰ আঘাত দিছে ।

সংগঠনটোৱে এক বিবৃতিৰ পাছত মণিপুৰৰ ভয়াৱহ ঘটনা মিজোৰামলৈ প্ৰসাৰিত হোৱাৰ আশংকা দেখা দিছে ।

Exit mobile version