Married Women Missing In Guwahati:বহিঃৰাজ্যত সন্ধানহীন মহানগৰীৰ বিবাহিতা মহিলা

বিক্ৰীৰ সন্দেহ পৰিয়ালৰ , গ্ৰেপ্তাৰ স্বামী

women missing 1

Married Women Missing In Guwahati:

বহিঃৰাজ্যত সন্ধানহীন মহানগৰীৰ এগৰাকী বিবাহিতা মহিলা। মহিলা গৰাকীৰ ভাতৃয়ে ভগ্নীক বিক্রী বা হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, যোৱা এমাহ দিন ধৰি সন্ধানহীন হৈ থকা বিবাহিতা মহিলা গৰাকী হ’ল কুঞ্জলতা দাস ওৰফে আৰিয়া বেগম।

প্ৰায় পাঁচ বছৰ পূৰ্বে খাৰঘুলীৰ চাবিৰ আলী নামৰ যুৱক এজনৰ স’তে বিবাহপাশত আবদ্ধ হৈছিল আৰিয়া। বিগত এমাহ পূৰ্বে চাবিৰৰ সৈতে বাংগালুৰুলৈ গৈছিল মহিলাগৰাকী। কিন্ত তাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ পৰে কুঞ্জলতা দাস ওৰফে আৰিয়া বেগম ৷

ইয়াৰ পাছতে আৰিয়াৰ পিতৃ পৰিয়ালে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে লতাশিল থানাত। এজাহাৰৰ ভিত্তিত ইতিমধ্যে লতাশিল আৰক্ষীয়ে আৰিয়াৰ স্বামী চাবিৰ আলীক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত ৷

Exit mobile version