Madhusudhan Medhi :মিডিয়া পাৰ্চনেলিটি এণ্ড ইণ্টাৰনেচনেল ইকুটেৱল হিউমেন ৰাইটচ চ’চিয়েল কাউন্সিলৰ ৰাষ্ট্ৰীয় বটা প্ৰদান অনুষ্ঠান

মধুসূধন মেধিলৈ নেচনেল ইণ্টিগ্ৰেচন এক্সিলেন্স এৱাৰ্ড

ghy

Madhusudhan Medhi :

সমাজৰ বিভিন্ন ক্ষেত্ৰত অতুলনীয় সেৱা আগবঢ়ায় দেশৰ তথা দহৰ কল্যাণ, শান্তি, সম্প্ৰীতি ৰক্ষাৰ অহোপুৰুষাৰ্থ কৰি অহা এগৰাকী অসমীয়া তথা গুৱাহাটী প্ৰেছ অকাডেমিৰ সভাপতি সাংবাদিক মধুসূধন মেধিক নতুন দিল্লীত ২২ জুলাইত নেচনেল ইণ্টিগ্ৰেচন এক্সিলেন্স এৱাৰ্ড-২০২৩ প্ৰদান কৰা হয় ।

অসমৰ সংবাদ জগতত প্ৰায় ২৫ বছৰে যশস্যা বুতলিবলৈ সক্ষম হোৱা বিশিষ্ট সাংবাদিক তথা আলাবৈ ৰণৰ ঐতিহ্য ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত নিৰবিচ্ছিন্ন ভাবে সাধনা কৰা স্বীকৃতি স্বৰূপে মধুসূধন মেধিক এই বঁটা প্ৰদান কৰা হয় ।

ইয়াৰ সমান্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তৰ বহু ব্যক্তিক এনে সমাজ হিতৈষী কৰ্মৰ বাবে আগবঢ়োৱা হয় এই বঁটা। ক’ভিড পৰিস্থিতিৰ সময়ত নিজৰ জীৱনকো তুচ্চ্য জ্ঞান কৰি সহস্ৰাধিক মৃতদেহ অন্তিম সৎকাৰ কৰা জিতেন্দ্ৰ সিং সান্তি, ভাৰতীয় ৰো’প জ’প এথলিট জৰাবৰ সিংহ, চিনিওৰ নিউজ এঙ্কৰ নিডা আহমেদ, আৰ, জে ৰাহুল মকীন, পাৰা এথলিট দিব্বা গোৱেল, যোগা প্ৰশিক্ষক তথা মডেল শ্ৰেয়া ৰাথোৰ, গ্লোৱেল এডুকেটৰ ৰুপম মুখাৰ্জী, আদিৰ নিচিনা ৰাষ্ট্ৰ বৰেন্য ব্যক্তিকো এই বঁটা প্ৰদান কৰা হয় ।

২২ জুলাইত নতুন দিল্লীৰ দিন দয়াল উপাধ্যায় পথত থকা গান্ধী শান্তি সমন্বয় প্ৰেক্ষাগৃহত আয়োজন কৰা হ’ব এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানটোৰ আয়োজক মিডিয়া পাৰ্চনেলিটি এণ্ড ইণ্টাৰনেচনেল ইকুটেৱল হিউমেন ৰাইটচ চ’চিয়েল কাউন্সিলৰ চেয়াৰমেন সঞ্জয় সিনহাই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত কয় যে এনে পদক্ষেপৰ জৰিয়তে এই সকল বিশিষ্ট ব্যক্তিক অধিক অনুপ্ৰেৰণা যোগাবলৈ আমাৰ সংস্থাই কাম কৰি আহিছে আৰু আগলৈও প্ৰচেষ্টা অব্যাহত ৰাখিব।

কিয়নো দেশৰ বৰ্তমান পৰিস্থিতিত যাতে জনগনৰ ঐক্য- সংহতি কোনো কাৰণতে কোনো অপশক্তিয়ে ধংস কৰিব নোৱাৰে আৰু চেষ্টা কৰা সকলক যাতে উচিত প্ৰত্যুত্তৰ দিব পৰা যায়।

উল্লেখ্য যে এই সংস্থাটোৰ ৰাষ্ট্ৰীয় আহ্বায়ক, বংশসূত্ৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ সন্তান তথা “প্ৰজ্ঞা মেল” হিন্দী সাপ্তাহিক কাকতৰ সম্পাদক অৰুণ বৰ্মনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়টো মানৱ অধিকাৰ বিষয়ত জনসাধাৰণক সজাগ সচেতন কৰাৰ অভিযান চলাই আহিছে আৰু এই অনুষ্ঠানক লৈ আনন্দ প্ৰকাশ কৰিছে ।

Exit mobile version