Golaghat Visit Cm:গোলাঘাটত মুখ্যমন্ত্ৰী , ত্রিপল মার্ডাৰৰ ভুক্তভোগী পৰিয়ালক সাক্ষাৎ

নৃশংস হত্যাকাণ্ডৰ অভিযুক্ত নাজিবুৰৰ ফাঁচীৰ বাবে আবেদন কৰিব চৰকাৰে

golaghat visit cm

Golaghat Visit Cm:

দেশ কপাই যোৱা গোলাঘাটৰ চাঞ্চল্যকৰ ত্রিপল মার্ডাৰৰ ভুক্তভোগী পৰিয়ালক আজি সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

পুৱাই গোলাঘাটত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে পোনে পোনে ৰাওনা হয় ত্রিপল মার্ডাৰৰ ভুক্তভোগী পৰিয়ালৰ বাসগৃহলৈ ৷

হত্যাৰ বলি হোৱা সংঘমিত্রা ঘোষৰ ভগ্নী অংকিতা ঘোষ আৰু আত্মীয়ৰ স’তে মতবিনিময় কৰাৰ লগতে সমগ্ৰ ঘটনাৰ বুজ লৈ সাংবাদিকৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

আগন্তুক ১৫ দিনৰ ভিতৰত এই ঘটনাৰ চার্জশীট ক্ষীপতাৰে দাখিল কৰা হ’ব। ইতিমধ্যে মাৰাথন গতিত চলিছে  চি আই ডিৰ তদন্ত । হত্যাকাণ্ড সংঘটিত কৰা অভিযুক্তই উচিত শাস্তি পাব।

মুখ্যমন্ত্ৰী ড: শৰ্মাই আৰু কয় যে ,নৃশংস ঘটনাৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত হ’ব ৷ ইয়াৰ বাবে চৰকাৰী ভাৱে নিয়োগ কৰা হ’ব বিশেষ চৰকাৰী অধিবক্তা

আনহাতে হত্যাৰ বলি হোৱা সংঘমিত্রা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় ,সংঘমিত্রাক ড্ৰাগছ দিয়াৰ ঘটনাৰ তদন্ত হ’ব লাগিছিল। সেই সময়ত আৰক্ষীৰ তদন্তকাৰী বিষয়া সঞ্জীৱ সান্যালে তদন্তত চৰম গাফিলতি কৰিছিল। তদন্ত সথিক গতিত হোৱা হেতেন আজি ইমানখিনি নহ’লহেঁতেন।”

মুখ্যমন্ত্ৰীয়ে অভিযুক্ত নাজিবুৰৰ ফাঁচিৰ বাবে আবেদন জনাব বুলি উল্লেখ কৰি কয়,’লাভ জেহাদ এটা সত্য আৰু বাস্তৱ ধাৰণা’। ‘দ্য কেৰালা ষ্টৰী’ৰ দৰে চিনেমাসমূহ মিছা নহয়। লাভ জেহাদৰ দৰে ঘটনা যাতে ৰাজ্যত পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ ল’ব ৷

Exit mobile version