Timber Syndicate :বিজেপি নেতাৰ বৃহৎ কাঠৰ ছিণ্ডিকেট !

প্ৰতি কাঠৰ ট্ৰাকৰ পৰা ডেৰৰ পৰা তিনি লাখ টকা পর্যন্ত গুণ্ডাকৰ আদায় ,গোবিন সৰকাৰ-জিতু দাস বাহিনীয়ে সংগ্ৰহ কৰা ধনৰ ভাগ যায় কালৈ ? ধন নিদিলে হাৰাশাস্তি

timber syndicate

Timber Syndicate :

:ৰাজ্য চৰকাৰৰ তথাকথিত দুর্নীতি বিৰোধী স্থিতিৰ সময়তে ৰাজ্যিক বিজেপিৰ শীর্ষ নেতাৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা কাঠৰ চিণ্ডিকেটত চলিছে ৰমৰমীয়াকৈ ৷

অবৈধ ছিণ্ডিকেটৰ ধনৰ অংশ যায় সংশ্লিষ্ট ৰাজনীতিকৰ লগতে আৰক্ষী, বন বিভাগ আৰু পৰিবহণ বিভাগৰ একাংশ বিষয়ালৈও। ৰাজ্যিক বিজেপিৰ এজন শীর্ষস্থানীয় নেতাৰ পৃষ্ঠপোষকতাত গোবিন সৰকাৰ নামৰ কুখ্যাত ছিণ্ডিকেট বাহিনীয়ে কাঠভৰ্তি ট্ৰাকসমূহৰ পৰা দৈনিক সংগ্ৰহ কৰা কে’বা কোটি টকাৰ গুণ্ডাকৰ
আদায় কৰি আহিছে।

ফলত অৰুণাচলৰ পৰা তিনিচুকীয়া আৰু ধেমাজিৰ মাজেৰে শ শ কাঠভর্তি ট্রাক বিনা বাধাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰলৈ সৰবৰাহ হৈ আছে। উল্লেখ্য যে অৰুণাচলৰ কাঠক কেন্দ্ৰ কৰি ৰাজ্যত এক বৃহৎ ছিণ্ডিকেট গঢ় লৈ উঠিছে।

অৰুণাচলৰ পৰা নগাঁও, তেজপুৰ, গুৱাহাটী, নলবাৰী, বৰপেটা আদি বিভিন্ন প্ৰান্তলৈ ৰাজপথৰে কাঠ সৰবৰাহ কৰা ব্যৱসায়ীসকলে গোবিন সৰকাৰৰ ছিণ্ডিকেট বাহিনীক প্ৰতিখন কাঠভৰ্তি ট্ৰাকৰ বাবদ গুণ্ডাকৰ আদায় নিদিলে, সেই ট্রাকে অসমত প্ৰৱেশ কৰাৰ অনুমতি নাপায়।

যদি কোনো ব্যৱসায়ীয়ে গুণ্ডাক আদায় নিদিয়াকৈ কাঠভর্তি ট্রাক অসমলৈ আনে, তেন্তে তেনে ট্রাক আৰক্ষী, বন বিভাগ নাইবা পৰিবহণ বিভাগে জব্দ কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। ফলত কাঠ ব্যৱসায়ীসকলে বাধ্য হৈ গোবিন সৰকাৰ বাহিনীক প্ৰতিখন ট্ৰাকৰ বিনিময়ত ডেৰৰ পৰা তিনি লাখ টকা পৰ্যন্ত গুণ্ডাকৰ আদায় দিবলগীয়া হৈছে।

এই গুণ্ডাকৰ সংশ্লিষ্ট জিলাত কাঠভর্তি বাহনসমূহ প্ৰৱেশ কৰাৰ পাছতে ভাগে ভাগে গোবিন সৰকাৰ বাহিনীয়ে নিয়োগ কৰা এজেণ্টৰ জৰিয়তে সংগ্ৰহ হৈ আহিছে। বিশেষকৈ তিনিচুকীয়াৰ মাজেৰে সৰ্বাধিক অৰুণাচলৰ কাঠভৰ্তি ট্ৰাক ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ আহিছে।

ইয়াৰ শদিয়াৰ দিশৰ পৰা অহা কাঠভৰ্তি ট্ৰাকসমূহৰ পৰা গুণ্ডাকৰ সংগ্ৰহ কৰে বিধায়ক বলিন চেতিয়াৰ ঘনিষ্ঠ তথা চাপাখোৱা পৌৰসভাৰ উপ-গৌৰপতি বিপিন গগৈয়ে। একেদৰে ডিৰাক গেট-কাকপথাৰৰ দিশৰ পৰা অহা কাঠভর্তি ট্রাকসমূহৰ পৰা গুণ্ডাকৰ আদায় কৰে বিধায়ক চেতিয়াৰ ঘনিষ্ঠ তথা বিজেপিৰ যুৱ নেতা বলীন হাতীবৰুৱা আৰু প্ৰশান্ত হাজৰিকাই।

ইয়াৰ উপৰি মাৰ্ঘেৰিটা-ডিগবৈৰ পথেৰে অহা কাঠভর্তি ট্রাকসমূহৰ পৰা গুণ্ডাকৰ সংগ্ৰহ কৰে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু বিজেপি নেতা অৰুণজ্যোতি মৰাণৰ ঘনিষ্ঠ সত্য মৰাণ আৰু ডিগবৈৰ কাঠ ব্যৱসায়ীৰ পুত্ৰ অমৃত শ্বাহীয়ে।

এই চক্ৰটোৱে অৰুণাচলৰ পৰা তিনিচুকীয়াত প্ৰৱেশ কৰা প্ৰতিখন কাঠৰ ট্ৰাকৰ বাবদ ৩০ৰ পৰা ৪০ হেজাৰ টকা গুণ্ডাকৰ সংগ্ৰহ কৰাৰ অভিযোগ আছে। এই এজেন্টসকলে সংগ্ৰহ কৰা ধন বিজেপি নেতা জিতু দাস আৰু নলবাৰী ৰাজীৱ ডেকাই গোবিন সৰকাৰৰ হৈ সংগ্ৰহ কৰে আৰু প্ৰতিখন ট্ৰাকৰ বিনিময়ত এজেন্টসকলক পাঁচ হেজাৰকৈ টকা কমিছন দিয়ে।

উল্লেখ্য যে কেৱল তিনিচুকীয়াতে কোটিৰ ঘৰত দৈনিক গুণ্ডাকৰ সংগ্ৰহ কৰে গোবিন সৰকাৰ বাহিনীয়ে। ইয়াৰ পাছতে তিনিচুকীয়াৰ পৰা নগাঁও, গুৱাহাটী, নলবাৰী, বৰপেটা, তেজপুৰ আদি অভিমুখী কাঠৰ ট্ৰাকসমূহৰ পৰা পৃথকে পৃথকে অতিৰিক্তভাৱে গুণ্ডাকৰ সংগ্ৰহ কৰে ছিণ্ডিকেট চক্ৰটোৱে।

তিনিচুকীয়াৰ পৰা বাগৰিলৈ প্ৰতিখন ট্রাকে ৪০-৪৫ হেজাৰ, বাগৰিৰ পৰা গুৱাহাটীলৈ ৭০-৭৫ হেজাৰ, বাগৰিৰ পৰা তেজপুৰ নলবাৰীলৈ ৭০ হেজাৰ যোৰাবাটৰ পৰা জালুকবাৰীলৈ ৩০ হেজাৰ, জালুকবাৰীৰ পৰা নলবাৰী বৰপেটালৈ ৭০-৮০ হেজাৰ টকা গুণ্ডাকৰ আদায় দিব লাগে গোবিন সৰকাৰ বাহিনীক।

উল্লেখ্য যে গোবিন সৰকাৰ বাহিনীয়ে সংগ্ৰহ কৰি অহা এই গুণ্ডাকৰৰ সন্দৰ্ভত ভুক্তভোগী কাঠ ব্যৱসায়ীৰে স্বয়ং আৰক্ষী সঞ্চালক প্ৰধানক লিখিত অভিযোগ দাখিল কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অৱশেষত কাঠ ব্যবসায়ীসকলে এই ছিণ্ডিকেট বাহিনীৰ ওচৰত মূৰ দোৱাঁবলৈ বাধ্য হৈ পৰে।

ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাৰ পৃষ্ঠপোষকতাত এই ছিণ্ডিকেট চলি থকা দুষ্কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে ছিণ্ডিকেটৰ ধনৰ ভাগ লৈ চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উঠিছে।

Exit mobile version