BJP New Secretary kamakhy Prasad Tasa:বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক পদত নিয়োজিত সাংসদ কামাখ্যা প্ৰসাদ তাছা

k.p.tasa

BJP New Secretary kamakhy Prasad Tasa:

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ কেন্দ্ৰীয় কমিটিয়ে দলৰ সাংগাঠনিক ভেটি শক্তিশালী কৰিবৰ বাবে দলীয় বিষয়বাব সালসলনি কৰিছে ৷

সেই অনুসৰি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰা মঙলদৈৰ সাংসদ দিলীপ শইকীয়াক অব্যাহতি দি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক সম্পাদক পদত নিযুক্তি দিয়া হৈছে ৷

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই তাছাক শনিবাৰে নিযুক্তি দিছে দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে।

আনহাতে নাড্ডাই বি জে পিৰ কেন্দ্ৰীয় কমিটিত ১৩ জনক নতুনকৈ উপ- সভাপতি নিযুক্তি দিয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি দিছে ১৩ জনক।

এই নিযুক্তিতে অসমৰ পৰা কেৱল স্থান লাভ কৰিছে অসম বিজেপিৰ বলিষ্ঠ নেতা কামাখ্য প্ৰসাদ তাছাক ।

Exit mobile version