Once Again deluge in the Guwahati :পুনৰ মহানগৰীত জলবিস্ফোৰণ !

জু-ৰোড তিনিআলিত পাইপ ফুটি জলমগ্ন সমগ্ৰ অঞ্চল

water pipe blast

Once Again deluge in the Guwahati :

মহানগৰীত পুনৰ জলবিস্ফোৰণ ৷ এইবাৰ জু-ৰোড তিনিআলিত ফুটিল জাইকাৰ পানীৰ পাইপ ৷

পাইপ ফুটি অহৰহ নিৰ্গত হৈছে পানী । জলমগ্ন হৈ পৰিছে সমগ্ৰ অঞ্চলটো। এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ বহুলোকৰ বাসগৃহত একাঠু পৰ্যন্ত পানী হৈছে ৷
ইতিমধ্যে ঘটনাস্থলীত নিৰ্গত হৈ থকা পানীৰ পাইপ মেৰামতিৰ বাবে সংশ্লিষ্ট বিভাগৰ লোক উপস্থিত হৈছে ৷

উল্লেখ্য যে,জাইকাৰ পানীৰ পাইপ মহানগৰীৰ য’তে ত’তে ফুটি জলবিস্ফোৰণ হোৱাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷

ইয়াৰ পূৰ্বে খাৰঘুলিৰ জয়পুৰ ,গীতানগৰ আৰু মালিগাঁও চাৰিআলিৰ পানীৰ পাইপ লিক হৈ জলবিস্ফোৰিত হৈছিল ৷ খাৰঘূলীত হোৱা জলবিস্ফোৰণত বহু বাসগৃহ তছনচ হোৱাৰ লজতে এগৰাকী বৃদ্ধা মৃত্যু হৈছিল ৷ তাৰ পাছতো যেন শিকনি হোৱা নাই জাইকাৰ ৷
মহানগৰীত এতিয়া মৰণফান্দত পৰিণত হৈছে জাইকাৰ পানী সৰবৰাহ কৰা পাইপ সমূহ ৷

মহানগৰীত ইটোৰ পাছত সিটোকৈ জাইকা পানীৰ পাইপ ফুটিয়েই আছে যদিও সময়োচিত পদক্ষেপ লোৱা নাই সংশ্লিষ্ট বিভাগে ৷

Exit mobile version