Senior journalist Soundarya Thakuria Passes Away:নিয়মীয়া বাৰ্তাৰ জ্যেষ্ঠ উপ-সম্পাদক সৌন্দৰ্য্য ঠাকুৰীয়াৰ দেহাৱসান

s.thakuria passed away

Senior journalist Soundarya Thakuria Passes Away:

জ্যেষ্ঠ সাংবাদিক তথা নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক সৌন্দৰ্য্য ঠাকুৰীয়াৰ দেহাৱসান। কামৰূপৰ ছয়গাঁওৰ কুকুৰমাৰাৰ বাসিন্দা আছিল সৌন্দৰ্য্য ঠাকুৰীয়া।

দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত মহানগৰীৰ হায়াত হাস্পতালত ৫৬ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে। একমাত্ৰ জীয়ৰী আৰু পত্নীক ইহসংসাৰত এৰি থৈ যায় জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে ।

১৯৯২ৰ পৰা ১৯৯৬ লৈ সাংবাদিক গৰাকীয়ে সেই সময়ৰ জনপ্ৰিয় কাকত সূত্ৰধাৰ আৰু জনক্ৰান্তিৰ জৰিয়তে মহানগৰীত সংবাদক্ষেত্ৰ খনত জড়িত হোৱাৰ পূৰ্বে কামৰূপৰ ছয়গাঁওৰ পৰা গুৱাহাটীস্থ কে’বাখনো সংবাদপত্ৰৰ স্থানীয় সংবাদসেৱী ৰুপে নিয়োজিত আছিল ৷

জ্যেষ্ঠ সাংবাদিক সৌন্দৰ্য্য ঠাকুৰীয়া বিয়োগত গভীৰ শোক ছাঁ পৰে ৷

Exit mobile version