Nagaland :নাগালেণ্ডৰ মন জিলাৰ টিজিত এন এছ চি এনৰ দুই বিদ্ৰোহী সংগঠনৰ মাজত তীব্ৰ সংঘাত

nagaland

Nagaland :

পাৰ্বত্য ৰাজ্য নাগালেণ্ডৰ মন জিলাত দুই বিভাজিত এন এছ চি এনৰ বিদ্ৰোহী সংগঠনৰ মাজত শেহতীয়াকৈ আৰম্ভ হৈছে তীব্ৰ সংঘাত

ADVERTISEMENT

মন জিলাৰ টিজি অঞ্চলৰ ৱাংলা গাঁৱৰ টেমজেই নামৰ এন এছ চি এন-ৰিফৰ্মেচনৰ আকাটো চোফী গোটৰ কন্যাক অঞ্চলৰ ভাইচ চেয়াৰমেন এন এছ চি এন-আই এমৰ কেডাৰে শাৰীৰিকভাৱে প্ৰহাৰ কৰি হত্যা কৰে ৷

এই নৃশংস হত্যা কৰা ঘটনাৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উদ্থাপিত অভিযোগ অনুসৰি এন এছ চিন ৰিফৰ্মেচন গোটৰ বিদ্ৰোহী নেতাজনৰ মৃতদেহটো টিজিটৰ নামছাত পেলাই দিয়াৰ বিপৰীতে আন তিনিজনক গুৰুলাগুৰুলকৈ মাৰধৰ কৰি মুমুৰ্ষ অৱস্থাত এতিয়াও এন এছ চি এনে নিজৰ জিন্মাত ৰাখিছে।

উল্লেখ্য যে, এন এছ চি এন-ৰিফৰ্মেচন আকাটো চফী গোটৰ চাৰি কেডাৰক ৩০ জুলাইত মন জিলাৰ টিজিটৰ পৰা এন এছ চি এন-আই এমে অবৈধ কৰ সংগ্ৰহ কৰা বাবে গ্ৰেপ্তাৰ কৰি লৈ গৈছিল ৷ ইয়াৰ পাছৰে পৰা দুই বিদ্ৰোহী সংগঠনৰ মাজত আৰম্ভ হয় সংঘাত ৷

Exit mobile version