Mangaldoi  Bajrang Dal  Leader Arrested :মঙলদৈত অস্ত্ৰ প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠিত কৰা বজৰংৰ দুই নেতাক আটক

bajrang dal

Mangaldoi  Bajrang Dal  Leader Arrested :

মঙলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰত মুকলি ভাবে বজৰং দলে ২৭ জুলাইৰ পৰা চাৰিদিনীয়াকৈ তৰোৱাল, ধনু-কাড়, পিষ্টল আদিৰ প্ৰশিক্ষণ দিয়াৰ দৃশ্য ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ বিভিন্ন দল-সংগঠনে এই কাৰ্য্য বিৰোধিতা কৰাৰ পাছতে কঠোৰ হৈ পৰে আৰক্ষী ৷

ডি জি পি জি পি সিঙে মঙলদৈ আৰক্ষীক ঘটনাৰ স’তে জড়িত সকলক আটক কৰাৰ নিৰ্দেশ দিয়াৰ পাছত বুধবাৰে বজৰং দলৰ দুজন কৰ্মকৰ্তাক আটক কৰে ৷

দলটোৰ আটকাধীন বজৰঙৰ নেতা কেইজন হ’ল প্ৰশিক্ষণৰ মুল কৰ্ণধাৰ মঙলদৈৰ বিজয় ঘোষ আৰু ওদালগুৰিৰ ডিমাকুছিৰ গোপাল বড়ো।

বিজয় ঘোষক নিজা বাসগৃহৰ পৰাই আটক কৰাৰ পাছতে আন আন সদস্য মাজত থৰকাছুটি হেৰুৱাইছে ৷ আৰক্ষীৰ অভিযান আৰম্ভ হোৱাৰ পাছৰে আত্মগোপন কৰিছে ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে প্ৰশিক্ষণ অনুস্থিত কৰাৰ অনুমতি দিয়া মঙলদৈৰ মহৰ্ষি বিদ্যামন্দিৰৰ অধ্যক্ষক গ্ৰেপ্তাৰ কৰে ৷

Exit mobile version