Allahabad High Court Orders Resumption Of Survey At Gyanvapi Mosque:জ্ঞানব্যাপী মছজিদত পুনৰ জৰীপ আৰম্ভ কৰাৰ নিৰ্দেশ এলাহবাদ উচ্চ ন্যায়ালয়ৰ

অঞ্জুমন ইনতেজামিয়া মছজিদ কমিটীৰ আবেদন খাৰিজ আদালতৰ

gyanvapi masque

Allahabad High Court Orders Resumption Of Survey At Gyanvapi Mosque:

বাণাৰসৰ কাশী বিশ্বনাথ মন্দিৰৰ সমীপতে থকা এহেজাৰ বছৰ পুৰনি ঐতিহ্যমণ্ডিত জ্ঞানবাপী মছজিদ চৌহদত ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগক ছাৰ্ভে পুনৰ অব্যাহত ৰখাৰ গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে

আনহাতে ছাৰ্ভে বিৰোধিতাৰে অঞ্জুমন ইনতেজামিয়া মছজিদ কমিটীয়ে আদালতত দিয়া আবেদন খাৰিজ কৰে আদালতে ৷

উল্লেখ্য যে,২১ জুলাইত জ্ঞানবাপী মছজিদ চৌহদত জৰীপৰ আদেশ দিছিল বাৰানসী জিলা সত্ৰ ন্যায়াধীশে।

কিন্ত সত্ৰ ন্যায়াধীশৰ ৰায়ৰ বিৰুদ্ধে এলাহাবাদ উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান আনিছিল অঞ্জুমন ইনতেজামিয়া মছজিদ কমিটীয়ে ৷

কিন্ত আজি এলাহাবাদ উচ্চ ন্যায়ালয়ে ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগক জৰীপ পুনৰাম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

আনহাতে ইয়াৰ পূৰ্বে ২১ জুলাইত বাণাৰসৰ ন্যায়ালয়ে ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগক জ্ঞানব্যাপী মছজিদত জৰীপ চলোৱাৰ বাবে অনুমতি প্ৰদানক প্ৰত্যাহ্বান জনাই মছজিদ সমিতিয়ে উচ্চতম ন্যায়ালয়ৰ দুৱাৰস্থ হৈছিল।

২৪ জুলাইত জৰীপ আৰম্ভ হৈছিল যদিও উচ্চতম ন্যায়ালয়ে পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জৰীপৰ কাৰ্য স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে।

কিন্ত জ্ঞানব্যাপী মছজিদ জৰীপ গোচৰত হিন্দু পক্ষক প্ৰতিনিধিত্ব কৰা বিষ্ণু শংকৰ জৈনে এলাহাবাদ উচ্চ ন্যায়ালয়ত পুনৰ ৰীট আবেদন কৰাত বুধবাৰে ন্যায়ালয়ে ঐতিহাসিক ৰায় প্ৰদান কৰি জ্ঞানব্যাপী মছজিদ জৰীপ পুনৰাম্ভ কৰিবলৈ এএছআইক নিৰ্দেশনা দিয়ে ৷

Exit mobile version