Guwahati Pandu Murder:গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ

পাণ্ডু কলেজ গেট খেলপথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

pandu murder

Guwahati Pandu Murder:

মহানগৰীত এটাৰ পাছত আন এটা হত্যাকাণ্ড সংঘটিত হৈ থকাৰ মাজতে এইবাৰ পুনৰ উদ্ধাৰ হ’ল যুৱকৰ মৃতদেহ

পাণ্ডু কলেজ গেট খেলপথাৰত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ স্থানীয় লোকে সন্দেহ কৰা মতে অচিনাক্ত দুর্বৃত্তই হত্যা কৰি এইদৰে পাণ্ডু কলেজ গেট খেলপথাৰত পেলাই থৈ গৈছে ৷

ইতিমধ্যে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত কৰি চিনাক্ত কৰে মৃত যুৱকজনৰ পৰিচয় ৷ মৃত যুৱকআনৰ নাম জীৱন সাহানী ৷

উল্লেখ্য যে,চাৰিদিন পূবৰে পৰা সন্ধানহীন হৈ আছিল জীৱন সাহানী ৷ ঘটনাস্থলীত যুৱকজনৰ পৰিয়ালৰ লোক উপস্থিত হৈ আৰক্ষীক অভিযোগ কৰি কয় সুৰাপান কৰি বন্ধুৱে হত্যা কৰিছে সাহানীক ৷

আৰক্ষীয়ে মৃতদেহ জিন্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰি ঘটনা সম্পৰ্কত আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version