Three Accused Arrested In Hatigaon Murder Case:হাতীগাঁৱত অৱসৰপ্ৰাপ্ত জলসিঞ্চন বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তাক হত্যা কৰা চাৰি অভিযুক্তক আটক

hatigaon marder case

Three Accused Arrested In Hatigaon Murder Case:

মহানগৰীৰ হাতীগাঁৱত চাঞ্চল্যকৰ অৱসৰপ্ৰাপ্ত জলসিঞ্চন বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তাক ২৭ জুলাইৰ পুৱতি নিশা দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আঘাত কৰি নৃশংসভাৱে হত্যা কৰা তিনি হত্যাকাৰীক অৱশেষত আৰক্ষীৰ জালত পৰে ৷

পুৱতি নিশা নিজ বাসগৃহৰ সমীপৰ ফেণ্ডছ পথৰ থকা মছজিদত নামাজ পঢ়িবলৈ ওলায় যোৱা বয়োবৃদ্ধ জাবেদ আলী আহমেদক ২৮ জুলাইত স্থানীয় লোকে পথৰ কাষত তেজেৰে তুমৰলি হৈ মৃত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে ৷

জলসিঞ্চন বিভাগৰ অৱসৰ অতিৰিক্ত মুখ্য অভিযন্তা আহমেদ ফ্ৰেণ্ডছ নগৰ জামে মছজিদৰ সভাপতি ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

হাতীগাঁও আৰক্ষীয়ে হত্যাকাণ্ডৰ তদন্ত ক্ষীপতাৰে অব্যাহত ৰাখি হত্যাকাণ্ডৰে জড়িত চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

আটকাধীন লোক কেইজন হ’ল ভাটকুছিৰ মহিবুল ইছলাম, হাছু ওৰফে নুৰ মহম্মদ,বাঘবৰৰ দাৰুগ আলী  আৰু তেতেলীতলৰ চালক বগা ৷

অৱশ্যে কি কাৰণত এই হত্যাকাণ্ড সংঘটিত কৰা হৈছিল এই সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা

Exit mobile version