Dhubri Incident:ধুবুৰীৰ গৌৰীপুৰত অঘটন !

এপি ডিচি এলৰ এছ ডি অ'ক আক্ৰমণ একাংশ লোকৰ, গুৰুতৰভাৱে আহত এছ ডি অ' মঞ্জুৰুল হক, অসম ষ্টেট পাৱাৰ ৰ্ৱাকাৰ ইউনিয়নে নিশাই প্ৰতিবাদ কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী,ঘটনাৰে জড়িত তিনিজনক আটক

sdo attack

Dhubri Incident:

ধুবুৰীৰ গৌৰীপৰত কত্তৰ্ব্যৰতএপি ডিচি এলৰ এছ ডি অ’ আৰু কৰ্মচাৰীক গুৰুলা–গুৰুলকৈ প্ৰহাৰ একাংশ লোকৰ ৷ অবৈধ বিদ্যুৎ সংযোগৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে ফলা খৰিৰে প্ৰহাৰ কৰা হয় ৷ এই ঘটনা ইতিমধ্যে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ধুবুৰীত ৷

প্ৰাপ্ত খবৰ অনুসৰি,গৌৰীপুৰ এপিডিচিএল উপ–সংমণ্ডলৰ এছ ডি ই মঞ্জুৰুল হক আৰু দুই কৰ্মচাৰী মফিদুল হক আৰু ৰফিকুল হক চোৰাংভাৱে বিদ্যুৎ সংযোগ কৰি অবৈধভাৱে বৈদ্যুতিক মটৰ চলোৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ বৃহস্পতিবাৰে সন্ধিয়া গৌৰীপুৰৰ দুমৰদহ গাঁৱলৈ গৈছিল।

এছ ডি ই গৰাকীয়ে অঞ্চলটোত অভিযান চলাই পাঁচটাকৈ বৈদ্যুতিক মটৰ জব্দ কৰে। আনহাতে অভিযান অব্যাহত ৰখাৰ সময়তে দুমৰদহ গাঁৱৰে আফিজুৰ ৰহমান, হাফিজুৰ, নুলু,আশ্ৰাফ আলী, মজিদুৰ শ্বেখ আৰু আফিজুৰ ৰহমানে এছ ডি অ আৰু দুই কৰ্মচাৰীক লাঠি আৰু ফলা খৰিৰে প্ৰহাৰ কৰে ৷ ফলত দলবদ্ধ আক্ৰমণত তিনিওজন গুৰুতৰভাৱে আহত হয়।

আটাইকে প্ৰথমে গৌৰীপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও পিছত উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ।

আনহাতে ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷ শেহতীয়া খবৰ অনুসৰি আৰক্ষীয়ে ইতিমধ্যে ভাইৰেল হোৱা ভিডিঅ ফুটেজ সংগ্ৰহ কৰি আটক কৰিছে তিনিজন আক্ৰমণকাৰীক ৷ আন কেইবাজনো পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

ইপিনে,অসম ষ্টেট পাৱাৰ ৰ্ৱাকাৰ ইউনিয়নে নিশাই প্ৰতিবাদ কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী জনায়।

Exit mobile version