Bhabanipur Accident :ভৱানীপুৰত ট্ৰাকে মহটিয়ালে আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ পইণ্ট

কথমপি প্ৰাণ ৰক্ষা ২ আৰক্ষীৰ,ট্ৰাকৰ চালক-হেণ্ডিম্যনক

accident

Bhabanipur Accident :

ভৱানীপুৰ চ’কত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ চাৰিআলিত স্থাপিত আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ তথা ট্ৰাফিক পইণ্টটো আজি এখন ট্ৰাকে মহটিয়াই নিয়াত ভয়াবহ দুৰ্ঘটনা সংঘটিত হয়।

দিনৰ প্ৰায় বাৰ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো । উল্লেখ্য যে- আজি দিনৰ বাৰ বজাত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে ডব্লিউ বি ৪৩-২১০৫ নম্বৰৰ দ্ৰুতবেগী ট্ৰাকখনে পশ্চিম দিশৰ পৰা পূৱ দিশলৈ গতি কৰি থকা অৱস্থাত ভৱানীপুৰ চ’কত স্থাপিত আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ পইণ্টত প্ৰচণ্ড খুন্দা মাৰে।

ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত কৰে। ট্ৰাকৰ খুন্দাত আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ পইণ্টটো সম্পূৰ্ণ বিধ্বস্ত হৈ যায়। তদুপৰি আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ পইণ্টত কৰ্তব্যৰত দুগৰাকী আৰক্ষীয়ে যান-বাহন নিয়ন্ত্ৰণ পইণ্টৰ পৰা জপিয়াই কথমপি প্ৰাণ ৰক্ষা কৰে ।

আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকৰ চালক আৰু হেণ্ডিম্যনক কৰায়ত্ত কৰিছে ।

Exit mobile version