Delhi AIIMS Fire:
দিল্লী এইমছত অগ্নিকাণ্ডৰ ঘটনা ৷ ৰাজধানী দিল্লীস্থ এইমছৰ অ’পিডি ভৱনৰ দ্বিতীয় মহলাৰ জৰুৰীকালীন ৱাৰ্ডৰ গাতে লাগি থকা এণ্ডোস্কোপী কোঠাত হঠাৎ জুই লাগে ৷
ADVERTISEMENT
ইয়াৰ পাছতে এণ্ডোস্কোপী কোঠা আৰু অনান্য বিভাগ সমূহত হুৱাদুৱা লাগে ৷ লগে লগে কৰ্তৃপক্ষই এণ্ডোস্কোপী বিভাগৰ ৰোগী সহ কৰ্মৰত নাৰ্ছ আৰু আন আন কৰ্মচাৰীক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে ৷
আনহাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পাছতে এইমছ চৌহত আঠখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
আনহাতে অগ্নিকাণ্ড কৰ পৰা সূত্ৰপাত হ’ল এই সন্দৰ্ভত বুজ ল’বলৈ এইমছৰ সঞ্চালক প্ৰধান উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷