Women Harrestmant In Hengerabai:মহানগৰীৰ জন্মদাত্ৰী মাতৃক নিৰ্মমভাৱে মাৰধৰ কৰা কুলাংগাৰ পুত্ৰক আটক দিছপুৰ আৰক্ষীৰ

বৃদ্ধা মাতৃক চোতালত ৰছীৰে বান্ধি থয় কুলাংগাৰ পুত্ৰই

son arrested

Women Harrestmant In Hengerabai:

নিজ জন্মদাত্ৰীক মাতৃক কুলাংগাৰ পুত্ৰই নিৰ্মমভাৱে মাৰধৰ কৰা জঘণ্য ঘটনা এটাই জোকাৰী গৈছে গুৱাহাটী মহানগৰীক ৷

হেঙেৰাবাৰীস্থ কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপতে সংঘটিত হৈছে এই অমানৱীয় ঘটনা।

নিজ জন্মদাত্ৰী বৃদ্ধা মাতৃক চোতালত ৰছীৰে বান্ধি নিৰ্দয়ভাৱে প্ৰহাৰ কৰে কুলাংগাৰ পুত্ৰজনৰ নাম সমৰজ্যোতি ভৰালী।

মহানগৰীৰ এটা সংবাদ গোষ্ঠীত কৰ্মৰত সমৰজ্যোতিয়ে বৃদ্ধা মাতৃক খুঁটাত বান্ধি লাঠীৰে গুৰুলা গুৰুলকৈ কোবাই কোবাই মাতৃক প্ৰহাৰ কৰে ৷

আনকি কুলাংগাৰ সমৰজ্যোতি মৰিয়াই মৰিয়াই গাত ঢালি দিয়ে গৰম পানীও ৷ দীৰ্ঘদিন ধৰি নিজ বৃদ্ধা মাতৃক শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই থকাৰ অভিযোগ কৰে স্থানীয় প্ৰতিবেশীয়ে।

আলজেইমাৰ ৰোগত আক্ৰান্ত বৃদ্ধা মহিলাগৰাকী পুত্ৰৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বিষয়ে জানিব পাৰি দিছপুৰ আৰক্ষী হেঙেৰাবাৰীত উপস্থিত হৈ কুলাংগাৰ সমৰজ্যোতি ভৰালীক নিজ বাসগৃহৰ পৰা আটক কৰে ৷

Exit mobile version