Kakapothar Incident:
এগৰাকী ছাত্ৰ নেতাই বনকৰা কিশোৰীক গৰম পানী ঢালি নিৰ্যাতনৰ দৰে জঘন্য ঘটনা এটি সংঘটিত হয় তিনিচুকীয়া জিলাৰ কাকপথাৰত ৷
চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক মনেশ্বৰ চাওৰাই সোমবাৰে ঘৰত বনকৰা বাৰ বছৰীয়া কিশোৰীৰ গাত গৰম পানী ঢালি চলাইছিল শাৰীৰিক নিৰ্যাতন ।
ইতিমধ্যে এই নিৰ্যাতনৰ বিষয়ে স্বয়ং ভূক্তভোগী কিশোৰী গৰাকীয়ে কয়, মনেশ্বৰ চাওৰাৰ উপৰিও তেওঁৰ শিক্ষয়িত্ৰী পত্নীয়েও শাৰীৰিক অত্যাচাৰ চলাই গৈছিল ৷
উল্লেখ্য যে,ভূক্তভোগী কিশোৰী গৰাকীৰ ঘৰ ডিব্ৰুগড়ৰ মৰাণৰ পথালিবামত বুলি জানিব পৰা গৈছে ৷
এটা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ গুৰুত্বপূৰ্ণ পদবীত থাকি নিজ বাসগৃহত এগৰাকী কিশোৰী ওপৰত অকথ্য নিৰ্যাতন চলোৱা মনেশ্বৰ চাওৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে স্থানীয় লোক ৷
ধুৰন্ধৰ ছাত্ৰ নেতাজনৰ ওপৰত কঠোৰ শাস্তিৰ দাবী তোলে সচেতন মহলে ৷