Guwhati Encouter:গুৱাহাটীত পুনৰএনকাউণ্টাৰ

গুলীবিদ্ধ চিলনী চোৰ

guwahati encounter

Guwhati Encouter:

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা । ইয়াৰ পূৰ্বে দুটাকৈ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হোৱাৰ পাছত নাৰেংগীত তৃতীয়টো এনকাউণ্টাৰত আৰক্ষীয়ে চিলনী চোৰলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে।

আৰক্ষীৰ গুলীত আহত হয় আমিৰ আলী নামৰ গভাইত চোৰটো। আহত আমিৰক ইতিমধ্যে ভৰ্তি কৰা হৈছে জি এম চি এইছত।

উল্লেখ্য যে,মঙলবাৰে মাজনিশা নাৰেংগীত সংঘটিত হোৱা এই গুলীচালনাত আহত দুৰ্ধৰ্ষ অপৰাধী আমিৰ আলী মহানগৰীৰ বহু কেইটা ডকাইতি ঘটনাৰ স’তে জড়িত থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷

কেইদিনমান পূৰ্বে হাতীগাঁৱৰ অজন্তা পথত সংঘটিত হোৱা চুৰি কাণ্ডৰ সৈতে জড়িত আছিল আমিৰ আলী। আনকি চুৰিকাৰ্যৰ দৃশ্য বন্দী হৈছিল চি চিটিভিৰ কেমেৰাত ৷ ইয়াৰ পাছতে দিছপুৰ আৰক্ষীয়ে অভিযান চলাই গভাইত চোৰটোক আটক কৰিবলৈ সক্ষম হয় ৷
আনহাতে দিছপুৰ আৰক্ষীৰ মাৰাথন জেৰাত আটকাধীন আমিৰে স্বীকাৰ কৰে যে, মহানগৰীত সংঘটিত হোৱা চুৰি কাৰ্য সমূহত তাক সংগ দিয়ে চিণ্টু মেধি নামৰ আন এটা চোৰে ৷

আমিৰ আলী আৰু এই চিণ্টু মেধি পূৰবী ডায়েৰীৰ ডিষ্টিবিউটৰ ৰঞ্জিত বৰা হত্যাকাণ্ডৰ সৈতেও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল যদিও তথ্য সমৃদ্ধ প্ৰমাণ নথকাৰ বাবে আৰক্ষীয়ে মুকলি কৰি দিয়ে ৷

আনহাতে শেহতীয়াকৈ মহানগৰীত ইটোৰ পাছত সিটোকৈ অব্যাহত থকা সোনৰ চেইন চুৰি কাণ্ডৰে জড়িত আছে চিণ্টু মেধি ৷

ইপিনে আৰক্ষীৰ জালত পৰা চিলনী চোৰ আমিৰ আলীয়ে আৰক্ষীৰ আগত উল্লেখ কৰে যে চিন্টু আৰু আমিৰে মহানগৰীৰ কেতবোৰ স্থানত চুৰি কৰি অনা সোণৰ আ- অলংকাৰ লুকুৱাই ৰাখিছিল নাৰেংগীৰ এক গোপন স্থানত ৷

সেই স্থান দেখুৱাবলৈ আৰক্ষীৰ স’তে মঙলবাৰে মাজনিশা গৈছিল আমিৰ আলী ৷ কিন্ত হঠাতে আৰক্ষীৰ হাতৰ পৰা পিষ্টল কাঢ়ি গুলীয়াবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে ওলোতাই গুলীবৰ্ষণ কৰে ৷ ফলত আহত হয় আমিৰ আলী ৷

আনহাতে আন এটা চিলনী চোৰ চিণ্টু মেধি এন্ধাৰৰ সূযোগ লৈ পলায়ন কৰে ৷ আৰক্ষীয়ে চোৰটোৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান 

Exit mobile version