Minor Rapist Arrested In Guripur: নাবালিকাৰ সৈতে কু–কৰ্মত লিপ্ত মৌলবীক গ্ৰেপ্তাৰ ধুবুৰী আৰক্ষীৰ

dhubri rape case

Minor Rapist Arrested In Guripur:

নাবালিকাৰ সতে কৰা অবৈধ বিবাহ আদি কু–কৰ্মৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহণ কৰি অহাৰ পাছতো একাংশ লম্পটৰ সলনি হোৱা নাই চৰিত্ৰ ৷

ধুবুৰীত নাবালিকাৰ সৈতে কু–কৰ্মত লিপ্ত থকাৰ অভিযোগত এজন মৌলবীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

জিলাখনৰ গৌৰীপুৰৰ বেগুনতুলীৰ পৰা ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট মৌলৱী আছিফ শেখক।
প্ৰাপ্ত খবৰ অনুসৰি, ধুবুৰী চহৰৰ বিদ্যাপাৰাৰ এগৰাকী ১২ বছৰীয়া নাবালিকাক আৰবী শিকোৱাৰ চলেৰে নিজ ঘৰতেই প্ৰায় দুমাহ ধৰি কু–কৰ্মত লিপ্ত হৈছিল ৷ যাৰ ফলস্বৰূপে দুমাহৰ গৰ্ভৱতী হয় ১২ বছৰীয়া কিশোৰী গৰাকী ৷

কিন্ত লোকচক্ষুৰ পৰা বাচিবলৈ পিতৃ- মাতৃহীন নাবালিকা গৰাকীৰ পৰিয়ালে সংগোপনে অজ্ঞাত স্থানত গৰ্ভপাত কৰায় ৷

আনহাতে পৰৱৰ্তী সময়ত এই ঘটনা পোহৰলৈ অহাৰ পাছতে তৎপৰ হৈ পৰে ধুবুৰী আৰক্ষী। আৰক্ষীয়ে অতি তৎপৰতাৰে POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে লম্পট মৌলৱী আছিফ শেখক।
আটকাধীন মৌলৱীজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা

Exit mobile version