Usa Hawai Island Fire :আমেৰিকাৰ হাৱাই দ্বীপত বনজুইৰ সংহাৰী ৰূপ

অগ্নিদগ্ধ হৈ ৫৩ জন লোকৰ মৃত্যু, বনজুইৰ গ্ৰাসৰ পৰা ৰক্ষা পাবলৈ সাগৰত জপিয়াইছে বহুজনে

hawai island 1

Usa Hawai Island Fire :

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হাৱাই দ্বীপত ভয়ংকৰ ঘটনা ৷ বনজুইৰ সংহাৰী ৰূপ ৷ বনজুয়ে গ্ৰাস কৰিলে হাৱাই দ্বীপৰ লাহিনা চহৰৰ বহু অঞ্চল ৷ ইটোৰ পাছত সিটোকৈ অঞ্চল ইতিমধ্যে জুইয়ে গ্ৰাস কৰিছে ৷

যুক্তৰাষ্ট্ৰৰ বায়ুসেনাই হেলিকপ্টাৰৰে আকাশমাৰ্গৰ পৰা জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে যদিও ফলৱতী হোৱা নাই ৷

যাৰবাবে হাৱাই দ্বীপ প্ৰসাসনে ৰেড এলাৰ্ট ঘোষণা কৰি আবাসী সকলক নিৰাপদ স্থানলৈ যাবলৈ নিৰ্দেশ দিছে যদিও চাৰিওফালে সাগৰৰ জলৰাশিৰে সৃষ্টি কৰিছে বাধা ৷

উল্লেখ্য যে,আমেৰিকাৰ হাৱাই দ্বীপ হৈছে আটাইতকৈ ধুনীয়া পৰ্যটন স্থলসমূহৰ অন্যতম পৰ্যটনস্থলী। শেহতীয়াকৈ, হাৱাইৰ মাউ কাউণ্টিৰ লাহিনাৰ অৰণ্যত সৃষ্টি হয় বনজুইৰ ইয়াৰ ফলত বৃহস্পতিবাৰে মৃত্যুৰ সংখ্যা বৃদ্ধি পায় ৫৩ লৈ ।

মাউ কাউণ্টিৰ বিষয়াসকলে সদৰি কৰা মতে, লাহিনাত বৰ্তমানেও অব্যাহত থকা ভয়ংকৰ বনজুইৰ ফলত বৃহস্পতিবাৰে কেৱল ১৭ জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছিল এএফপিয়ে প্ৰতিবেদনত।

লাহিনাৰ বনজুইৰ গ্ৰাসৰ পৰা উদ্ধাৰ পোৱা এজন ব্যক্তিয়ে কয় যে, এবাৰ লাহিনাৰ ফালে থকা উৰণীয়া সেঁতুখন ৰঙীন দৃশ্যৰে ভৰি আছিল, যিটো আজিৰ সময়ত সম্পূৰ্ণৰূপে ছাইত পৰিণত হৈছে। উৰণীয়া সেঁতু খনৰ প্ৰতিটো খণ্ডত জ্বলি ছাই হৈ যোৱা আৱৰ্জনা দেখা যায়। একেদৰে জুইত পোৰা নাওবোৰ সকলোতে দেখা যায়।

মৃত্যুৰ সংখ্যা বৃদ্ধি হ’ব পাৰে:

লাহিনাৰ মাউ কাউণ্টিৰ মুল পথটো ইতিমধ্যে জুইত বিধ্বস্ত হৈ পৰিছে৷ একেদৰে লাহিনাৰ বন্দৰৰ কাষত থকা শাৰি শাৰি নাও বোৰ জ্বলি ছাইত পৰিণত হৈছে। জুইৰ অগ্নি পিণ্ডই আগুৰি ধৰিছে পৰ্যটন চহৰখনত । উল্লেখ্য যে, মাউ কাউণ্টিৰ ফ্ৰণ্ট ষ্ট্ৰীট প্ৰায় ১৭০০ দশকৰ।

হাৱাই চৰকাৰৰ মুখপাত্ৰ জছ গ্ৰীনে সদৰি কৰা মতে, বনজুইৰ ফলত ১,০০০ তকৈও অধিক বাসগৃহ ধ্বংস হৈছে আৰু কিছুমান এতিয়াও জ্বলি আছে। ইতিমধ্যে উদ্ধাৰ অভিযানত নিয়োজিত থকা উদ্ধাৰকাৰী দলে পৰিস্থিতি পৰ্যবেক্ষণ কৰি নিশ্চিত হয় যে মৃত্যুৰ সংখ্যা বৃদ্ধি আৰু পাব পাৰে।

অৰ্ধ শতাধিক গাড়ীৰ ভিতৰত অগ্নিদগ্ধ মৃতদেহ:

১৯৬১ চনত হাৱাই দ্বীপত চুনামি হৈছিল, য’ত ৬১ জন লোকৰ মৃত্যু হৈছিল। সেই ঘটনাৰ পিছত এইটো এনেধৰণৰ প্ৰথম অগ্নিকাণ্ডৰ ঘটনা, য’ত এতিয়ালৈকে ৫৩ জন লোকে প্ৰাণ হেৰুৱাইছে । টিফানি কিডাৰ ৱিন নামৰ এজন ব্যক্তিয়ে কয়, মোৰ ইয়াত এখন অত্যাধুনিক ষ্টেটচনাৰী দোকান আছিল৷কিন্ত ইতিমধ্যে দোকান খন জুইত ভস্মীভূত হৈছে।

আনহাতে মই নিজৰ চকুৰে দেখিছিলো যে জ্বলা বাহনৰ দীঘলীয়া শাৰী আছিল। সেই গাড়ীবোৰত মৃত লোকৰ মৃতদেহ আছে। তেওঁলোক এনেকুৱা মানুহ আছিল যিসম্ভৱত ট্ৰেফিকত আবদ্ধ হৈ আছিল আৰু সন্মুখৰ ৰাস্তাৰ পৰা ওলাই আহিব পৰা নাছিল।

যুক্তৰাষ্ট্ৰৰ হাৱাই পৰ্যটন দ্বীপত সংঘটিত হোৱা এই শোকাৱহ ঘটনাই দেশত পেলাইছে শোকৰ ছাঁ ৷

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে ইতিমধ্যে এই ঘটনাৰ শোক প্ৰকাশ কৰি উদ্ধাৰ অভিযান আৰু আশ্ৰয় শিৱিৰত থকা লোকসকলক খাদ্য যোগান ধৰিবৰ বাবে সংশ্লিষ্ট বিভাগ সমূহক নিৰ্দেশ দিছে ৷ একেদৰে দেশ খনৰ বায়ু আৰু নৌ সেনাৰ বিশেষ দলক উদ্ধাৰ অভিযানত তদাৰক কৰিবলৈ মাৰ্কিন প্ৰতিৰক্ষা মন্ত্ৰণালয়ে নিৰ্দেশনা জাৰি কৰিছে ৷

Exit mobile version