Actress Jaya Prada Sentenced 6 Month Jail:পুৰণি গোচৰত কাৰাদণ্ডৰ সন্মুখীন অভিনেত্ৰী তথা প্ৰাক্তন সাংসদ জয়া প্ৰদা

ছমাহৰ কাৰাদণ্ডৰ ৰায় চেন্নাই হাই ক'ৰ্টৰ, পাঁচ হাজাৰ টকাৰ জৰিমনা ঘোষণা আদালতৰ

joyapoda

Actress Jaya Prada Sentenced 6 Month Jail:

৮০ আৰু ৯০ ৰ দশকৰ বলিউদৰ মোহময়ী অভিনেত্ৰী জয়া প্ৰদা সন্মুখীন হয় মহাবিপদৰ ৷
শুক্ৰবাৰে জয়া প্ৰদাক চেন্নাইৰ হাইকৰ্টে দোষী সাব্যস্ত কৰে আৰু ছমমাহৰ কাৰাদণ্ড প্ৰদান কৰাৰ লগতে পাঁচ হাজাৰ টকাৰ জৰিমনাও ঘোষণা কৰে আদালতে ৷

আদালতে তেওঁৰ ব্যৱসায়িক অংশীদাৰ ৰাম কুমাৰ আৰু ৰাজা বাবুকো দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰিছে। জয়া প্ৰদাৰ বিৰুদ্ধে তেওঁৰ থিয়েটাৰত কাম কৰা লোকসকলক ৰাজ্যিক বীমাৰ ধন( ইএছআই) পৰিশোধ নকৰাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

উল্লেখ্য যে, অভিনেত্ৰী গৰাকীয়ে চেন্নাইত এখন থিয়েটাৰ চলাইছিল যদি পৰৱৰ্তী সময়ত হঠাতে বন্ধ কৰি দিছিল। এনে পৰিস্থিতিত থিয়েটাৰত কাম কৰা কৰ্মচাৰীসকলে জয়াৰ বিৰুদ্ধে তেওঁলোকৰ দৰমহা আৰু ইএছআইৰ ধন পৰিশোধ নকৰাৰ অভিযোগ কৰিছিল।

কৰ্মচাৰীৰ ৰাজ্যিক বীমাৰ ধন(ইএছআই) পৰিষোধ নকৰাৰ বাবে জয়া প্ৰদা আৰু তেওঁৰ ব্যৱসায়ী সহযোগী ৰাম কুমাৰ আৰু ৰাজা বাবুৰ বিৰুদ্ধে চেন্নাইৰ এগম’ৰ মেজিষ্ট্ৰেট আদালতত গোচৰ ৰুজু কৰিছে। অভিযোগ অনুসৰি জয়া প্ৰদাই তেওঁৰ বিৰুদ্ধে আৰোপ কৰা অভিযোগ গ্ৰহণ কৰিছিল আৰু গোচৰটো খাৰিজ কৰিবলৈ কিছু সময় বিচাৰি প্ৰাপ্য পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। অৱশ্যে গোচৰটোত আদালতে  আপীল খাৰিজ কৰে আৰু জয়া প্ৰদাক জৰিমনাৰ সৈতে কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

উল্লেখযোগ্য এসময়ত বোম্বাই ফিল্ম উদ্যোগত দপদপাই থকা জয়া প্ৰদাই চলচ্চিত্ৰ ক্ষেত্ৰ খন বিদায় লৈ ১৯৯৪ত তেলেগু দেশম পাৰ্টি (টিডিপি)ত যোগদান কৰে আৰু ৰাজনীতিত প্ৰৱেশ কৰে। যাৰ পিছত তেওঁ প্ৰথমে ৰাজ্যসভাৰ সাংসদ আৰু পিছত লোকসভাৰ সাংসদো হৈছিল। ইয়াৰ পিছত২০১৯ত টিডিপি এৰি বিজেপিত যোগদান কৰে।

Exit mobile version