Jakukbari Mobile Theft Arrested:মহানগৰীত চুৰি ম’বাইল ক্ৰয় কৰা ম’বাইল দোকানীক আটক

mobile theft arrested

Jakukbari Mobile Theft Arrested:

মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে ম’বাইল চুৰিকাৰ্য ৷ আনহাতে চোৰে চুৰি ম’বাইল বিক্ৰী কৰে একাংশ ম’বাইল দোকানীক ৷

শেহতীয়াকৈ মহানগৰ আৰক্ষী ম’বাইল চোৰৰ বিৰুদ্ধে তৎপৰ হৈ পৰাৰ মাজতে জালুকবাৰী আৰক্ষীয়ে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই এজন ম’বাইল দোকানীক আটক কৰিবলৈ সক্ষম হয় ৷কামাখ্যাগেট দুৰ্গাসৰোবৰৰ সিদ্ধাৰ্থ দাসক ইতিপূৰ্বে আৰক্ষীয়ে আটক কৰা ম’বাইল চোৰৰ স্বীকাৰোক্তি ভিত্তিত আটক কৰা হয়

উল্লেখ্য যে, জালুকবাৰী অঞ্চলত ধাৰাবাহিকভাৱে অব্যাহত থকা ম’বাইল চুৰি ঘটনাৰ অভিযোগ প্ৰায়ে উদ্থাপিত হৈ থকাৰ মাজতে বিশেষ সূত্ৰৰ পম খেদি শুক্ৰবাৰে মাজনিশা আৰক্ষীয়ে অভিয চলাই বিটু বৰুৱা নামৰ এটা ম’বাইল চোৰক গ্ৰেপ্তাৰ কৰে ৷

গভাইত চোৰটোৱে আৰক্ষীৰ মাৰাথন জেৰাত বহু তথ্য সদৰি কৰে ৷ চোৰটোৱে মহানগৰীৰ ভিন্ন প্ৰান্তত চোৰ কৰা ম’বাইল,লেপটপ আদি সংগোপনে বিক্ৰী কৰি আহিছিল সিদ্ধাৰ্থ দাস নামৰ ম’বাইল দোকানীটোক ৷

মনকৰিবলগীয়া যে, শুক্ৰবাৰে ওৰে নিশা বিটু বৰুৱা নামৰ এটা ম’বাইলটোক লগত লৈ জালুকবাৰী আৰক্ষীয়ে মহানগৰীৰ কেতবোৰ অঞ্চলত চলাইছিল অভিযান

আৰক্ষীয়ে সম্প্ৰতি গভাইত ম’বাইল চোৰটোৰ লগতে ম’বাইল দোকানীজনক অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা ৷আৰক্ষীৰ আশা জেৰাত বহু ন ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে  ৷

Exit mobile version