ACMS:বিজেপি চৰকাৰে চাহ বাগিছা সমূহ শেষ কৰিব বিছাৰিছে :অসম চাহ মজদুৰ সংঘ

protest main

ACMS:

অসম চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি ৰাজু চাহুৱে এক প্ৰেছ বিবৃতি যোগে জনাইছে যে বৃহস্পতিবাৰে অসম চাহ মজদুৰ সংঘ পানীতোলা শাখাৰ সম্পাদক ৰাজু চাহুৰ নেতৃত্বত আৰু শিয়ালকটা চাহ বাগিছা আৰু ৰঙ্গামাটা বিভাগৰ প্ৰাথমিক গোটৰ ৰাধেশ্যাম তাঁতি, শিবু কৰ্মকাৰ, কল্পনা কৰ্মকাৰ, শঙ্কৰ উতিৰ সহযোগত পুৱা ৭ বজাত হাজাৰ হাজাৰ শ্ৰমিকে হাতত প্লে-কার্ড লৈ সংঘৰ ১৬ দফীয়া দাবী অতি সোনকালে কাৰ্য্যকৰী কৰিবলৈ বাগিছাৰ পৰিচালকৰ কাৰ্য্যালয়ৰ সন্মুখত ১ ঘণ্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰি বিজেপি চৰকাৰৰ শ্রমিক বিৰোধী নীতিৰ বিৰুদ্ধে শ্ল’গান দি তীব্র প্রতিবাদেৰে পৰিবেশ উত্তাল কৰি তোলে ।
বিজেপি চৰকাৰৰ ভুল নীতিৰ ফলত বাগিছা সমূহ বিক্ৰী হৈ আছে। জানিব পৰা মতে এই বিজেপি চৰকাৰখনে এনেকুৱা এটা আইন বলবৎ কৰিছে যে যিকোনো চাহ বাগিছা কিনিলে ১০% মাটি যি কোনো কামত ব্যৱহাৰ কৰিব পাৰিব। তাৰ বাবে বিভিন্ন উদ্যোগপতিয়ে, যি সকলৰ চাহ বাগিছাৰ ওপৰত একেবাৰে জ্ঞান নাই তেনে ব্যক্তিয়ে অন্য উদ্যোগ স্থাপন কৰিবলৈ চাহ বাগিছা সমূহ ক্ৰয় কৰা দেখা গৈছে

ইয়াৰ ফলত চাহ বাগিছাৰ শ্ৰমিক সকলৰ ভবিখ্যাত জীৱনলৈ অশনী সংকেত কঢ়িয়াই আনিছে। যদি এনে হয় চাহ বাগিছা সমূহ সংকোচিত হ’ব আৰু শ্ৰমিক সকলৰ কাম বন্ধ হৈ জীয়াই থকাৰ অধিকাৰৰ পৰা বঞ্চিত হ’ব।

যি অসমৰ চাহ পাতে বিশ্বৰ বুকুত অসমক চিনাকী কৰি দিছে আৰু শ্ৰমিকৰ হাড় ভঙা পৰিশ্ৰমৰ ফলত সেইয়া সম্ভৱ হৈ উঠিছে তেনে চাহ বাগিছাৰ চাহ গছ উচ্ছেদ কৰিবলৈ বিজেপি চৰকাৰে চিন্তা চৰ্চা কৰা অতি দুর্ভাগ্যজনক আৰু দুখজনক।

বিজেপি চৰকাৰে পৰিবেশ সুৰক্ষাৰ ওপৰত ডাঙৰ ডাঙৰ ভাষন নি গছ পুলি ৰোপন কৰিবলৈ বাইয়াক উৎসাহ দিয়ে। কিন্তু এই চাহ গছ আৰু চাহ বাগিছাৰ মাটিত থকা চিৰি আৰু আন গছ উচ্ছেদ নকৰিবলৈ এবাৰো চিন্তা নকৰে। একমাত্র বিজেপি চৰকাৰে নিজৰ মুনাফা লাভৰ বাবে উদ্যোগপতি বা যি কোনো ধনৱান ব্যক্তিক চাহ বাগিছা সমূহ ক্ৰয় কৰিবলৈ উৎসাহ যোগাই আহিছে।

যাৰ বাবে উক্ত ১০% বাগিছাৰ মাটিৰ লোভত বিভিন্ন ব্যক্তিয়ে বাগিছা সমূহ ক্রয় কৰিছে।যোৱা ৯ বছৰ অতিক্ৰম কৰাৰ পিছতো বিজেপি চৰকাৰৰ প্ৰস্তাৱিত মজুৰি ৩৫১ টকা নিৰ্দ্ধাৰণ কৰিও নিব পৰা নাই । চাহ বাগিছাৰ ২৩২ টকা সামান্য মজুৰিৰে মূল্যবৃদ্ধিৰ লগত শ্রমিক সকলে যুঁজ দিব লগা অৱস্থা হৈছে । মূল্য বৃদ্ধিৰ ফলত শ্ৰমিক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । বিভিন্ন সময়ত বিজেপি চৰকাৰ খনে চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ কথা ঘোষনা কৰিছিল ।

৩৫১ টকাৰ মজুৰি আৰু শ্রমিকে ভোগ দখল কৰি থকা মাটি এইবোৰ ঘোষনাতে আবদ্ধ থাকিল । আদিবাসী চাহ জনগোষ্ঠীক জনজাতিকৰণ প্রক্রিয়া ফাইলতে থাকিল । এই সকলো বিলাক ঘোষনা আৰু শ্ৰমিকৰ নানান সমস্যা মিথ্যাচাৰী বিজেপি চৰকাৰে সমাধানৰ বাবে চিন্তা চৰ্চা কৰিব নিবিচৰাটো অতি পৰিতাপৰ কথা ।

নির্বাচন আহিলে বিজেপি চৰকাৰ খনে শ্রমিক দৰদী হয় । সেই কথা শ্রমিক সকলে উপলব্ধি কৰিছে যাৰ বাবে তেওঁলোকৰ জলন্ত সমস্যা আৰু দাবী সমূহ অতি সোনকালে ফলবতী কৰিবলৈ অসমৰ প্ৰতিটো চাহ বাগিছাৰ শ্ৰমিক ওলাই আহি প্রতিবাদ কৰিছে।

উল্লেখ কৰা ভাল হ’ব যে সৌ সিদিনা পতঞ্জলীৰ মালিক ৰামদেৱক দলিচা পাৰি বিজেপি চৰকাৰে অসমৰ শদিয়ালৈ মাতি শদিয়া আৰু আশে পাশে থকা মাটিত পাম খেতিৰ বাবে হাজাৰ হাজাৰ বিঘা মাটি আৱন্টন দিয়াৰ কথা ঘোষনা কৰিলে । এই পাম অইল কিমান ক্ষতিকাৰক সেইয়া হয়তো বহুতেই নাজানে ।

এই পাম তেল মানুহৰ শৰীৰৰ বাবে অতি ক্ষতিকাৰক । এই পাম গছে মাটিৰ উৰ্বৰা নষ্ট কৰে আৰু সেই মাটি বহু দিনলৈ কোনো খেতিৰ বাবে উপযোগী নহয়। এই পাম গছে বহু পৰিমাণে পানী শোষন কৰে আৰু আশে পাশে থকা অন্য খেতি নষ্ট কৰে।

ইয়াৰ ফলত চাহ বাগিছাৰ চাহ গছৰ ওপৰত ইয়াৰ প্ৰভাৰ পৰিব আৰু চাহ গছ সম্পূর্ণ ধংস হ’ব। লাহে লাহে এনে ধৰণৰ লাভ জনক উদ্যোগ চাহ বাগিছাৰ মাটিত ৰোপন কৰিবলৈ চৰকাৰ খনে হয়তো পৰিকল্পনা কৰিব। আমাৰ ভাৰতবৰ্ষই এই পাম অইল সকলোতকৈ বেছি আমদানি কৰে ।

এনেধৰনৰ খেতি পৃথিবীৰ বহু ৰাষ্ট্ৰই নিষিদ্ধ কৰিছে। বৰ্তমান আমাৰ দেশত এই ব্যৱসায়টো এটা ডাঙৰ মাফিয়া গোষ্ঠীয়ে নিয়ন্ত্ৰণ কৰি আছে আৰু তাৰ ভাগ কেন্দ্ৰীয় চৰকাৰে লাভ কৰে। সেয়ে এনে ধৰনৰ ক্ষতিকাৰক লগতে চাহ বাগিছাৰ ওপৰত প্ৰভাৱ পৰিব পৰা খেতি বন্ধ হব লাগে। সেয়ে আজি শ্ৰমিকৰ সমস্যা আৰু ১৬ দফীয়া দাবী সমূহক লৈ শিয়ালকটা চাহ বাগিছাৰ হাজাৰ হাজাৰ শ্ৰমিক ৰাইজ ওলাই আহি ১ ঘণ্টীয়া ধৰ্ণা কাৰ্য্যসূচীৰে পৰিচালকৰ যোগেদি মুখ্যমন্ত্ৰী আৰু শ্রমমন্ত্রীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ

Exit mobile version