Guwahati ATM Thief:মহানগৰীত অব্যাহত চোৰৰ সন্ত্ৰাস

ভুৱা এটিএমেৰে সৰকাই নিলে ৮০ হাজাৰ টকা

ghy atm thief

Guwahati ATM Thief:

মহানগৰীৰ স্মাৰ্ট আৰক্ষীৰ চকুৰ সন্মুখতে চোৰে অব্যাহত ৰাখিছে চাফাই অভিযান ৷ ইটোৰ পাছত সিটোকৈ সংঘটিত কৰি গৈছে চুৰি কাণ্ড

এইবাৰ হাই প্ৰফাইল চোৰৰ চকু পৰিছে মহানগৰীৰ এটিএম ৷ বেলতলাত ভুৱা এটিএমেৰে দুই প্রৱঞ্চকে সৰকালে নিলে ধন।

টুপি পৰিহিত দুই দুৰ্বৃত্তই অতি কৌশলৰে লুট কৰি নিয়ে প্ৰায় ৮০ হেজাৰ টকা ৷ দ্বীপুল কুমাৰ ডেকা নামৰ এজন লোকৰ পৰা সৰকাই নিয়ে উল্লিখিত পৰিমাণৰ টকাখিনি।

ইতিমধ্যে ভুক্তভোগী দ্বীপুল কুমাৰ ডেকাই ঘটনা সন্দৰ্ভত দিছপুৰ থানাত দাখিল কৰে এজাহাৰ ৷

এনে প্ৰেক্ষাপটত এটিএমত টকা উলিয়াবলৈ যাওতে সাৱধান হওক ৷ কিয়নো আপোনাক নিৰিক্ষণ কৰি অহা দুৰ্বৃত্তই আপোনাৰ এটিএমৰ জৰিয়তে যিকোনো মুহূৰ্ততে প্ৰৱঞ্চনাৰে টকা উলিয়াই নিব পাৰে ৷

Exit mobile version