Indrani Tahbildar Death Case : বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা ঘটনা

দ্বিবন ডেকাৰে ফোনকল ভাইৰেল হোৱা ৰিয়া দাস চানমাৰি থানাত হাজিৰ, আৰক্ষীয়ে কৰিছিল তলৱ

ria das

Indrani Tahbildar Death Case :

বিজেপিৰ কিষান মৰ্চাৰ নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ ৰহস্যজনক আত্মহত্যা ঘটনাই ইতিমধ্যে বিজেপিত সৃষ্টি কৰিছে তীব্ৰ জোকাৰণি ৷ উদঙাছে বহু ন ন তথ্য ৷ ইজনৰ পাছত সিজনকৈ নাম সাঙোৰ খাইছে বিজেপিৰ নেতা-পালিনেতাৰ ৷ থৰকাছুটি হেৰুৱাইছে বাজপায়ী ভৱনৰ ৷

ৰাজ্যিক বিজেপিৰ ঘনে ঘনে বৈঠকে উন্মোচিত কৰিছে বহুবোৰ কথা ৷ আনকি মুখ্যমন্ত্ৰীয়ে ইন্দ্ৰাণী তহবিলদাৰৰ ঘটনাৰ স’তে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত সকলৰ ওপৰত দলে কঠোৰ হোৱাৰ পৰামৰ্শ আগবঢ়াইছিল ৰাজ্যিক নেতৃত্বক ৷

আনহাতে মুখ্যমন্ত্ৰীৰ পৰামৰ্শৰ পাছতে দুগৰাকী মান নেত্ৰীক দলৰ পৰা বহিস্কৃত কৰিয়ে ৰাজ্যিক বিজেপিয়ে দায়িত্ব সামৰিছে যদিও বিজেপিৰ বৰঘৰত শেহতীয়াকৈ ইন্দ্ৰানী কাণ্ডই বিজেপিত ন-পুৰণি সংঘাত সৃষ্টি কৰিছে ৷

ইতিমধ্যে প্ৰাক্তন ৰাজ্যিক সভাপতি তথা দলৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঞে কেবিনেট মৰ্যাদা ত্যাগ কৰিছে শুক্ৰবাৰে ৷ সাংবাদিকৰ আগত প্ৰকাশ কৰিছে বহুবোৰ কথা ৷

এনেবোৰ ঘটনাক্ৰমৰ মাজতে শণিবাৰে ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ স’তে নাম সাঙোৰ খাই পৰা ৰিয়া দাস ওৰফে মাজনীয়ে চান্দমাৰী থানাত হাজিৰ হয় ৷ ৰিয়া দাস আছিল ইন্দ্ৰাণীৰ অতি ঘনিষ্ঠ ৷ আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখে মাজনীক ৷

উল্লেখ্য যে,ইতিমধ্যে শুক্ৰবাৰে আৰক্ষীয়ে আটক কৰা দ্বিবন ডেকাৰ স’তে ৰিয়া দাসৰ বহুচৰ্চিত ফোনকল ভাইৰেল হৈ পৰিছিল। আনকি ফোনকলটোত ৰিয়া দাসেই পূৱ গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মূৰত কঁঠাল ভাঙিব লাগিব বুলি কৈছিল ৷ পৰৱৰ্তী সময়ত এই অডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পাছতে সৰৱ হৈ পৰে সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷ ভট্টাচাৰ্যই ৰাজ্যিক সভাপতি ভৱেশ কলিতাক সাক্ষাৎ কৰি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ এক পত্ৰ দাখিল কৰে ৷

 প্ৰাপ্ত খবৰ অনুসৰি, চান্দমাৰী থানাত শুক্ৰবাৰে দুপৰীয়া দ্বিবন ডেকা হাজিৰ হোৱাৰ পাছত আৰক্ষীয়ে মাৰাথন সোধপোছৰ অন্তত বিয়লি ভাগত গ্ৰেপ্তাৰ কৰিছিল ৷ একেদৰে কালিয়ে ৰিয়া দাসেও চান্দমাৰী থানাত সাক্ষ্য দিছিল ৷ শনিবাৰে পুনৰ থানাত হাজিৰ হয় ৰিয়া দাস ৷

Exit mobile version