Lat Mandal Arrested In Guwahati:পুনৰ ঘোচ লৈ আটক লাট মণ্ডল

গুৱাহাটী ৰাজহ চক্ৰৰ লাট মণ্ডল অচ্যুৎ দাসক গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰকৰ

lat Mandal Arrested

Lat Mandal Arrested In Guwahati:

ৰাজ্যত অধিকাংশ চৰকাৰী বিভাগত দিনক দিনে বৃদ্ধি পাইছে উৎকোচ লোৱাৰ প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাত যোগদান কৰিছে একাংশ ঘোচখোৰ বিষয়া- কৰ্মচাৰী ৷

ৰাজ্যত ইজনৰ পাছত সিজনকৈ ঘোচখোৰ বিষয়া- কৰ্মচাৰী দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰি হাত দঙাৰ পাছতো যেন শিকনি হোৱা নাই একাংশ ঘোচখোৰৰ ৷

গুৱাহাটী ৰাজহ চক্ৰৰ লাট মণ্ডল এজনক শনিবাৰে উৎকোচ লৈ থকা অৱস্থাতে হাতেলোটে আটক কৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই ৷ আটকাধীন ঘোচখোৰ লাট মণ্ডল জনৰ নাম অচ্যুৎ দাস ৷

ইতিমধ্যে ধৃত লাট মণ্ডলজনক অধিক তথ্যৰ বাবে জেৰাৰ বাবে চি এম ভিজিলেঞ্চৰ হেডকোৱাৰ্টাৰলৈ অনা হৈছে ৷

Exit mobile version