Nalbari PHE SDO Arrested:নলবাৰী আৰক্ষীৰ জালত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এছ ডি অ

প্ৰেমিকাক প্ৰতাৰণা কৰি আটক হ'ল সমীৰণ দাস,  মহানগৰীৰ হেঙেৰাবাৰীস্থ পি এইচ চিত কৰ্মৰত বিষয়াগৰাকীয়ে দাবী কৰিছিল ১ কোটি টকা

sdo arrest

Nalbari PHE SDO Arrested:

গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত এজন এছ ডি অ’ৰ বিৰুদ্ধে উদ্থাপিত হৈছে গুৰুত্বৰ অভিযোগ ৷ প্ৰথমে প্ৰেমৰ সম্পৰ্ক আৰু পৰৱৰ্তী সময়ত শাৰিৰীক সম্পৰ্ক গঢ়ি বিয়াৰ প্ৰলোভন দি এক কোটি টকা দাবী কৰি ইতিমধ্যে কে’বা লাখ টকা প্ৰৱঞ্চনাৰৰে সৰকোৱাৰ অভিযোগত আটক হয় সমীৰণ দাস নামৰ ধুৰন্ধৰ এছ ডি অ’ জন ৷

ধৃত সমীৰণ দাসৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উদ্থাপন কৰি নলবাৰীৰ এগৰাকী যুৱতীয়ে থানাত এজাহাৰ দিয়াৰ পাছতে অতি তৎপৰতাৰে আটক কৰে এছ ডি অ’জনক ৷

উল্লেখ্য যে,ভূক্তভোগী যুৱতী গৰাকীয়ে এজাহাৰত উল্লেখ কৰা অভিযোগ মতে,সমীৰণ দাস নামৰ এছ ডি অ’ গৰাকী নলবাৰীত কৰ্মৰত হৈ থকাৰ সময়ত তেওঁৰ স’তে গঢ়ি তুলিছিল প্ৰেমৰ সম্পৰ্ক ৷ সেই অনুসৰি দুয়োজনৰ পৰিয়ালৰ সন্মতিক্ৰমে বিবাহ কৰাৰ কথাবাৰ্তা চলি থকাৰ মাজতে যুৱতী গৰাকী ঘৰৰ একমাত্ৰ উত্তৰাধিকাৰী হোৱাৰ বাবে তেওঁৰ সা-সম্পত্তিৰ ওপৰত নজৰ পৰে এছ ডিঅ’দাসৰ ৷

ইতিমধ্যে বিবাহ কৰাৰ প্ৰতিশ্ৰুতি দি পৰৱৰ্তী সময়ত বিদেশ ভ্ৰমণ আদিৰ বাবদ সমীৰণ দাসে যুৱতীগৰাকীৰ পৰিয়ালক দাবী কৰে নগদ ১ কোটি ৷ ইতিমধ্যে অগ্ৰীম হিচাপে যুৱতী গৰাকীৰ পৰিয়ালে আগধন হিচাপে দিয়ে ২ লাখ টকা ৷

আনহাতে দুয়োটা পৰিয়ালৰ সদস্য আৰু আত্মীয় লোকৰ উপস্থিতিত সমীৰণ দাস আৰু যুৱতী গৰাকীৰ আঙুঠি পিন্ধোৱা পৰ্বও বিগত ২০২০ ৰ ১৪ নৱেম্বৰত সুকলমে সম্পন্ন হৈ যায় ৷

মনকৰিবলগীয়া যে,যুৱতী গৰাকীৰ পিতৃ এগৰাকী চিকিৎসক আৰু মাতৃ শিক্ষয়িত্ৰী ৷আনহাতে ঘৰ খনৰ একমাত্ৰ জীয়ৰী যুৱতী গৰাকী ৷ গতিকে ধুৰন্ধৰ এছ ডি অ’সমীৰণ দাসৰ চকু পৰে ঘৰ খনৰ অগাধ সম্পত্তিৰ ৷

উল্লেখ্য যে,একমাত্ৰ জীয়ৰী হোৱাৰ সূত্ৰে মাতৃ অৱসৰত পাৱলগীয়া বৃহৎ পৰিমাণৰ ধন আৰু পিতৃৰ থকা অধিকাংশ সম্পত্তি বিক্ৰী কৰি পোৱা ৯৮ লাখ টকা জীয়ৰীত দিয়াৰ কথা সদৰি কৰিছিল পিতৃ- মাতৃয়ে ৷

সকলো ঠিকে থাকে চলি থকাৰ মাজতে যুৱতী গৰাকীৰ স’তে আইনগত বিবাহৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠাৰ মাজতে বিবাহৰ প্ৰতি আগ্ৰহ দেখুৱাৰ পৰিৱৰ্তে নানান অযুহাত দেখুৱাই বিবাহৰ বিষয়টো তল পেলাবলৈ চেষ্টা কৰে ৷

আনহাতে ঘটনাক্ৰমে সমীৰন দাস বদলি হয় গুৱাহাটীৰ হেঙেৰাবাৰীস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা কাৰ্যালয়লৈ ৷ ইয়াৰ পাছতে নলবাৰীৰ যুৱতী গৰাকীলৈ ক্ৰমাৎ পিঠি দি এইবাৰ সম্পক গঢ়ি তোলে গুৱাহাটীৰে ৰে’লৱেত কৰ্মৰত এগৰাকী যুৱতীৰে ৷

নলবাৰীৰ ভুক্তভোগী যুৱতী গৰাকীয়ে অভিযোগ কৰা মতে,সমীৰণ দাসৰ সকলো কৰ্মকাণ্ড পিতৃ- মাতৃ জ্ঞাত যদিও এই ক্ষেত্ৰত নল’লে কোনো সময়োচিত পদক্ষেপ নল’লে ৷

ধুৰন্ধৰ এছ ডি অ সমীৰণ দাসে যুৱতী গৰাকীক প্ৰথমে প্ৰেম পিছত বিয়া কৰাৰ প্ৰলোভন দি শাৰীৰিক আৰু মানসিক সম্পৰ্ক গঢ়ি তুলি প্ৰবঞ্চনাৰে পলায়ন কৰাৰ গুৰুত্বৰ অভিযোগ কৰি ইতিমধ্যে নলবাৰী থানাত দাখিল কৰা এজাহাৰৰ মৰ্মে আৰক্ষীয়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চক সমীৰণ দাসক ৷

Exit mobile version