Samaguri Revenue Office :চামগুৰিত চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিজেপি নেতাৰ গুণ্ডাগিৰি

চক্ৰ বিষয়াৰ এজাহাৰৰ ভিত্তিত আটক আটক বিজেপিৰ যুৱ নেতা নেতা বিক্ৰম জিৎ সিঙক

bikramjit singh

Samaguri Revenue Office :

দিছপুৰত বিজেপি দল শাসনত অধিস্থিত হোৱাৰ পাছৰে পৰা একাংশ ন – বিজেপি নেতা- কৰ্মী উভতগোৰে নাচিছে। ক্ষমতাৰ ৰাগীত মতলীয়া নেতা- কৰ্মীয়ে গুৰু গোসাঁই নমনা হৈছে।

নগাঁৱৰ চামগুৰি ৰাজহ চক্ৰ বিষয়া কৰ্যালইত বঢমপুৰৰ স্থানীয় ন- বিজেপিৰ নেতা বিক্ৰম জিৎ সিঙে গুণ্ডামী কৰাৰ অভিযোগত চামগুৰি আৰক্ষীয়ে আটক কৰে ৷

উল্লেখ্য যে, চামগুৰিৰ ভাৰপ্ৰাপ্ত ৰাজহ চক্ৰ বিষয়া সন্তোষ কুমাৰ নাথে থানাত বিক্ৰম জিৎ সিঙৰ বিৰুদ্ধে অভিযোগ দাঙিল কৰিছিল ৷

বিজেপি নেতা বিক্ৰম জিৎ সিঙ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হালোৱাগাঁও গাওঁ পঞ্চায়তৰ সভাপতি ৷ সোমবাৰে সন্ধিয়া ভাগত চক্ৰ বিষয়াজনৰ কোঠাত সোমাই বিজেপি নেতাজনে তৰ্কযুদ্ধত লিপ্ত হয় সন্তোষ কুমাৰ নাথৰে ৷

পৰৱৰ্তী সময়ত কাৰ্যালয়ৰ কৰ্মচাৰী সহ আন সকল উপস্থিত হোৱাৰ পাছতহে পৰিস্থিতি শান্ত হয়। আনহাতে ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ বিজেপি নেতা বিক্ৰম জিৎ সিঙক আটক কৰে  ৷

Exit mobile version