Deadbody Recover In Beltola :বেলতলাত চাঞ্চল্য !

বন্ধ কোঠাত উদ্ধাৰ যুৱকৰ উৱলি যোৱা মৃতদেহ

beltola

Deadbody Recover In Beltola :

মহানগৰীত বেলতলাত চাঞ্চল্যকৰ ঘটনা ৷ শুকুৰবাৰে বেলতলাত এটা ভাড়া বন্ধ কোঠাত উদ্ধাৰ হ’ল এজন যুৱকৰ উৱলি যোৱা মৃতদেহ

প্ৰাপ্ত খবৰ অনুসৰি,বেলতলা বজাৰৰ সমীপতৰ সত্যপুৰৰ ঘৰৰ নং৪৮ ত থকা এটা ভাড়া ঘৰত উদ্ধাৰ হোৱা মৃতদেহটো শ্বহনাবাজ মালিক বুলি চিনাক্ত কৰা হয় ৷

উল্লেখ্য যে,ভাড়াঘৰটোত শ্বহনাবাজ মালিক নামৰ যুৱকজনে পিতৃৰ স’তে বসবাস কৰিছিল ৷ কিছুদিন পূৰ্বে পিতৃ বিহাৰলৈ ৷শ্বহনাবাজ বেলতলা বজাৰৰ সমীপতে এছ চো চাইন নামৰ এখন দোকানৰ মালিক ৷

আনহাতে ভাড়াঘৰটোত অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ লাভ কৰি উপস্থিত হয় দিছপুৰ আৰক্ষী৷ আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰি মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰে ৷

এইয়া আত্মহত্যা নে হত্যা এই সন্দৰ্ভত নিশ্চিত হ’ব পৰা নাই আৰক্ষী ৷ অৱশ্যে আৰক্ষীৰ তদন্ত আৰু মৰনোত্তৰ পৰীক্ষাই নিশ্চিত কৰিব মৃত্যুৰ প্ৰকৃত ৰহস্য ৷

Exit mobile version