PPF Demands Renaming Of Kameshwari Bridge Of Maligaon Flyover:৩০ আগষ্টত মুকলি হ’ব মালিগাঁও উৰণীয়া সেঁতু

কামেশ্বৰী সেতু' নামেৰে নামাকৰণৰ দাবী পেট্ৰিয়টিক পিপলছ ফ্ৰণ্ট অসমৰ

maligaon flyover 2

PPF Demands Renaming Of Kameshwari Bridge Of Maligaon Flyover:

সকলো উৎকণ্ঠাৰ অন্ত পেলাই ৩০আগষ্টৰ ৰাখী বন্ধনৰ দিনাই মুকলি হ’ব মালিগাঁও উৰণীয়া সেঁতু।ৰামধেনু আকৃতিত নিৰ্মাণ কৰি উলিওৱা দুবছৰ চাৰিমাহ দিন ধৰি অব্যাহত থকা নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পন্ন হয় ৷

নিৰ্মাণকাৰ্যৰ ৯৯ শতাংশ কাম পৰিদৰ্শন কৰাৰ সময়ত মালিগাঁও উৰণীয়া সেঁতুৰ নাম মালিগাঁও উৰণীয়া সেঁতু হ’ব বুলি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছিল ৷

কিন্ত শেহতীয়াকৈ পেট্ৰিয়টিক পিপলছ ফ্ৰণ্ট অসম নামৰ সংগঠনটোৱে মুখ্যমন্ত্ৰীৰ ঘোষণাক নাকচ কৰি ‘কামেশ্বৰী সেঁতু’নামেৰে নামাকৰণ কৰিবলৈ দাবী উদ্থাপন কৰে ৷

পেট্ৰিয়টিক পিপলছ ফ্ৰণ্টে এই সন্দৰ্ভত কয়, শক্তিপীঠ কামাখ্যা মন্দিৰৰ প্ৰৱেশ দ্বাৰৰ পৰা আৰম্ভ কৰি মালিগাঁও অভিমুখে যোৱা এই উৰণীয়া সেঁতুখন আধ্যাত্মিক দিশৰ পৰা মা কামাখ্যাৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই ”কামেশ্বৰী সেঁতু’নামাকৰণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনায় ৷

সংগঠনটোৱে আৰু উল্লেখ কৰে যে পবিত্ৰ হিন্দু শাস্ত্ৰ কালিকা পুৰাণত দেৱী কামাখ্যাৰ বিস্তৃত বৰ্ণনা দিয়া হৈছে। প্ৰাচীন কালৰ পৰাই এই অঞ্চলটো কামৰূপ-কামাখ্যাৰ দেশ হিচাপে পৰিচিত।

সেয়েহে যদি উৰণীয়া সেতুৰ নাম কামেশ্বৰী সেতু ৰখা হয় তেন্তে বিশেষকৈ সকলো ভক্ত আৰু সাধাৰণ লোকৰ বাবে ই এক উপযুক্ত সন্মান প্ৰদৰ্শন কৰা হ’ব ৷

Exit mobile version