Rhino Deadbody Recovered In Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰাত উদ্ধাৰ গঁড়ৰ মৃতদেহ

kaziranga

Rhino Deadbody Recovered In Kaziranga:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ উদ্ধাৰ গঁড়ৰ মৃতদেহ ৷ অভয়াৰণ্য খনৰ কহঁৰা বনাঞ্চলৰ মিঠুনমাৰী বন শিৱিৰৰ অন্তৰ্গত বিলত উদ্ধাৰ হয় উৱলি যোৱা গঁড়ৰ মৃতদেহটো ৷

আনহাতে অভয়াৰণ্য খনৰ কৰ্তৃপক্ষই সদৰি কৰা মতে, গঁড়টোৰ মৃত্যু স্বাভাৱিক হৈছে ৷ মৃত গড়টোৰ খৰ্গ উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ সন্দেহ কৰা মতে উৱলি যোৱা বাবে গঁড়টোৰ খৰ্গ বিলৰ পানীত পৰি গৈছে।

ইতিমধ্যে বন বিভাগৰ বিশেষজ্ঞ দল এটা ঘটনাস্থলীত উপস্থিত হৈ খৰ্গটোৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বিলত ৷

Exit mobile version