Supreme Court Stays NRI Quota Admissions In Medical : চিকিৎসা মহাবিদ্যালয়ত প্ৰৱাসী ভাৰতীয়( এন আৰ আই)ৰ কোটা প্ৰদানত স্থগিতাদেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

sc

Supreme Court Stays NRI Quota Admissions In Medical :

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা ৰাজ্য চৰকাৰৰ ৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইতিমধ্যে লোৱা সিদ্ধান্ত অনুসৰি প্ৰৱাসী ভাৰতীয়ৰ সন্তানৰ বাবে মেডিকেল আসন সংৰক্ষণ ব্যৱস্থাক স্থগিতাদেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে ৷

হাদিউজ জামান লস্কৰ নামৰ লোকজনে ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এক ৰিট আবেদন দাখিল কৰিছিল ৷ এই ৰিট আবেদনৰ ওপৰত ন্যায়াধীশ ৰবীন্দ্ৰ ভাট আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰৰ নেতৃত্বত গঠিত দুজনীয়া খণ্ড বিচাৰপীঠে শুনানি গ্ৰহণ কৰাৰ অন্তত শুক্ৰবাৰে ৰাজ্য চৰকাৰৰ সিদ্ধান্তক স্থগিতাদেশ জাৰি কৰে৷

উল্লেখ্য যে,মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ১৫ জুনত অনুষ্ঠিত ৰাজ্য কেবিনেট বৈঠকত প্ৰবাসী ভাৰতীয়ৰ বাবে ১৫ শতাংশ আসন সংৰক্ষিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ সিদ্ধান্ত অনুসৰি প্ৰবাসী ভাৰতীয় চৰকাৰৰ ৰাজকোষত দিব লাগিব ২০ লাখ টকা৷ এই সিদ্ধান্তক এক হঠকাৰী আৰু অপৰিপক্ব বুলি অভিহিত কৰে ৰাজ্যৰ সচেতন মহলে৷সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ আনকি অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে এখন সংবাদমেলত উল্লেখ কৰি কয়,এইয়া চৰকাৰে মেডিকেল আসন বিক্ৰীৰ পৰিকল্পনা ৷ প্ৰবাসী ভাৰতীয়ই টকা দি আসন লোৱাৰ দৰে গৰ্হিত কৰা কাৰ্য বুলি অভিহিত কৰিছিল ৰাইজৰ দলে ৷

ৰাজ্যৰ সচেতন মহল আৰু বহু কেইগৰাকী শিক্ষাবিদৰ সমালোচনাকো নেওচি প্ৰবাসী ভাৰতীয়ৰ সন্তানৰ মেডিকেলত নাম ভৰ্তিৰ বাবে প্ৰাৰম্ভিক নিয়মাৱলী প্ৰস্তুত বাবে পদক্ষেপ লয় ৷ আনহাতে কিছুদিন পূৰ্বে সম্পন্ন হৈ যোৱা মেডিকেল নামভৰ্তিত ১৫ শতাংশ আসনৰ সংৰক্ষণৰ সূযোগ লাভ কৰে প্ৰবাসী ভাৰতীয়ৰ সন্তানে ৷অৰ্থাৎ নিট পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ নাম ভৰ্ত্তি কৰে টকাৰ বিনিময়ত ৷ আনহাতে নামভৰ্ত্তিৰ পৰা পৰা বঞ্চিত হয় নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বহু মেধাবীয়ে ৷

ইয়াৰ পৰৱৰ্তী সময়ত হাদিউজ জামান লস্কৰ নামৰ সচেতন লোকজনে চৰকাৰৰ উল্লিখিত কাৰ্যৰ বিৰুদ্ধে দ্বাৰস্থ হয় উচ্চতম ন্যায়ালয়ত ৷ অৱশেষত ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে শুক্ৰবাৰে ৰাজ্যৰ মেডিকেলত এন আৰ আইৰ বাবে ১৫ শতাংশ আসন সংৰক্ষিত সিদ্ধান্তক স্থগিতাদেশ জাৰি কৰাৰ লগতে ৰাজ্যৰ মেডিকেল কলেজত এন আৰ আইৰ নামভৰ্তিতো স্থগিতাদেশ জাৰি কৰে ৷

এনে প্ৰেক্ষাপটত আজি সৰ্বোচ্চ ন্যায়ালয়ৰ এই স্থগিতাদেশৰ পাছত ৰাজ্য চৰকাৰৰ ভূমিকা পৰৱৰ্তী সময়ত কি হ’ব ৷ সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version