Balipara Flood:বালিপাৰাত ভয়ংকৰ বান

সপ্তমবাৰৰ বাবে হোৱা বানে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতিৰ, ছয়খনৰো অধিক ৰাজহ গাঁও জলমগ্ন, ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰাত ব্যাহত স্বাভাৱিক জনজীৱন 

balipara flood 1

Balipara Flood:

নেৰানেপেৰা বৰষুণৰ ফলত বালিপাৰাৰ জৰাসৰ নদী ফেনেফুটুকাৰে বাঢ়ি ইয়াৰ বাঢ়নি পানীয়ে নৈ পৰীয়া অঞ্চলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে জৰাসৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চাৰিদুৱাৰ বালিপাৰাৰ বহু কেইখন ৰাজহ গাঁও।

দিঘলী বালিজান,ভোবোলা, ঢেকেৰী গাঁও,উদমাৰী গাওঁ, দীঘলী গাওঁ,ঔহলা সহ বহু কেইখন জলমগ্ন হোৱাৰ ফলত আবাসী সকলৰ অৱস্থা নাজলনাথল হৈছে ৷
আনহাতে ভূতৰ ওপৰত দানহ পৰাৰ দৰে ইতিমধ্যে পানীত ডুব গৈছে বালিপৰাৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়৷ ফলস্বৰূপে ব্যাহত হৈ পৰিছে বিদ্যুত যোগান ৷

উল্লেখ্য যে সপ্তম বাৰলৈ জৰাসৰ নদীৰ বাঢ়নী পানীয়ে বালিপৰাৰ প্ৰায়বোৰ অঞ্চল বুৰাই পেলোৱাৰ ফলত ব্যাহত হৈছে জনজীৱন ৷

ইফালে সদাব্যস্ত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰে পানী বাগৰাৰ বাবে যোগাযোগ ব্যাহত হৈ পৰিছে ৷ আনহাতে শেহতীয়া খবৰ অনুসৰি জৰাসৰ নদী বাঢ়নি পানীয়ে অসম- অৰুণাচল সংযোগী পথৰ এছোৱা খহাই নিয়াৰ ফলত দুয়োটা অঞ্চলৰ মাজত যোগাযোগ বিচ্ছিন্ন হোৱাৰ উপক্ৰম হয় ৷

বালিপৰাত যেন এতিয়া জলপ্ৰলয়ৰ বিভীষিকা ৷ যিকোনো সময়ত হ’ব পৰা সম্ভাব্য বিপদৰ আশংকা কৰি বানপীড়িত ৰাইজে প্ৰশাসনৰ সহযোগিতা কামনা কৰিছে ৷

Exit mobile version