Bjp Spokesperson Pressmeet :ধেমাজি কাণ্ডৰ মূল অভিযুক্ত ৰছীদ ভৰালী আৰু ভৰত নৰহৰ মাজত যোগসূত্র আছে

১০০ খন কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত বিজেপি চৰকাৰৰ সফলতাৰ দলিল : লক্ষ্য কোঁৱৰ

bjp pressmeet 1

Bjp Spokesperson Pressmeet :

“মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰ সম্ভৱত স্বাধীন ভাৰতৰ প্ৰথমখন চৰকাৰ যিয়েই ১০০ খন কেবিনেট বৈঠক সফলভাৱে অনুষ্ঠিত কৰি প্ৰায় ৯৮ শতাংশ সিদ্ধান্তই কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছে”- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্র লক্ষ্য কোঁৱৰৰ।

আজি দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি মুখপাত্র গৰাকীয়ে কয় ৰাজ্য চৰকাৰৰ ১০০ খন কেবিনেটত সৰ্বমুঠ ১,২৩৮ টা সিদ্ধান্ত গ্রহণ কৰি ইয়াৰে ১,২১৭ টা সিদ্ধান্তই কাৰ্যকৰী কৰিছে। এই সিদ্ধান্ত সমূহৰ জৰিয়তে অসমৰ আৰ্থ- সামাজিক, শৈক্ষিক, আন্তঃগাঁথনি আদি সকলোবোৰ ক্ষেত্ৰতে বহু কল্যাণকামী পদক্ষেপ গ্রহণ কৰিছে।

তেওঁ লগতে কয়, কেবিনেট সমূহ কেৱল দিছপুৰ কেন্দ্ৰিক নকৰি ৰাজ্যৰ ভিন ভিন প্রাপ্তত অনুষ্ঠিত কৰিছিল। ইয়াৰ জৰিয়তে চৰকাৰখনৰ প্ৰতিজন মন্ত্ৰী তথা বিষয়াই অধিক জনমুখী হোৱাৰ সুবিধা লাভ কৰিছিল।

মুখপাত্র গৰাকীয়ে লগতে কয় যে ৰাজ্য চৰকাৰৰ শততম কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত বাজিয়ে অনাগত দিনত অসমৰ জনসাধাৰণক আৰু অধিক উপকৃত কৰি তুলিব। বিশেষকৈ মাহিলী বিধবা পেঞ্চন ৩০০ ৰ পৰা ১২৫০ লৈ বৃদ্ধিয়ে বহু বিধবা মহিলাক সকাহ প্ৰদান কৰিব।

আনহাতে উপ জিলা গঠনে প্রশাসনীয় ব্যৱস্থাটো সঠিকভাবে পৰিচালনা কৰিবলৈ অধিক সহজ কৰি তুলিছে। লক্ষ্য কোঁৱৰে ৰাজ্য চৰকাৰৰ ১০০ খন কেবিনেটৰ সিদ্ধান্তক ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন দ্বিতীয়খন চৰকাৰৰ সফলতাৰ এক দলিল বুলি অভিহিত কৰিছে।

সংবাদমেলত মুখপাত্র গৰাকীয়ে লগতে কয়, ২০০৪ চনত ধেমাজিত হোৱা বোমা বিস্ফোৰণৰ সঠিক তদন্ত কংগ্ৰেছে ভালদৰে কৰা নাছিল। কেছ ডায়েৰীত উল্লেখিত অনুসৰি মূল অভিযুক্ত ৰছীদ ভৰালী আৰু কংগ্ৰেছৰ ভৰত নৰহৰ মাজত বিশেষ যোগসূত্র আছে। তদানীন্তন কংগ্ৰেছ চৰকাৰৰ গৃহ বিভাগৰ গাফিলতিৰ বাবেই উপযুক্ত প্ৰমানৰ অভাৱত গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্ত সকলক দোষমুক্ত বুলি ঘোষণা কৰিছে।

ইতিমধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শমাই এই সন্দৰ্ভত সকলোবোৰ দিশ চালিজাৰি চাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ বিশেষ তৎপৰ গ্ৰহণ কৰিছে বুলি মুখপাত্র গৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয়, জনতাই জনার্ডন, জনতাৰ পক্ষত থাকি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তক ৰাজ্যিক বিজেপিয়ে আদৰণি জনাইছে।

Exit mobile version