Pm Modi Visit ISRO Headquarter:বিদেশ যাত্ৰাৰ পৰা উভতি অহাৰ পিছত পুৱাই বেংগালুৰুত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

পোনে পোনে ৰাওনা ইছৰ' হেডকোৱাৰ্টাৰলৈ, ইছৰ' বিজ্ঞানীৰে মতবিনিময়ত প্ৰধানমন্ত্ৰীৰ ঘোষণা, চন্দ্ৰযান–৩এ যি স্থানত পদচিহ্ন এৰিছিল সেই স্থানৰো নাম হ'ব 'শিৱশক্তি’ এই পদচিহ্ন হ’ব ভাৰতৰ প্ৰতিটো প্ৰয়াসৰ প্ৰেৰণা, প্ৰতিবৰ্ষৰ ২৩ আগষ্টৰ দিনটোক পালন কৰা হ'ব  'ৰাষ্ট্ৰীয় মহাকাশ দিৱস' হিচাপে পালন কৰা হ’ব

isro visit

Pm Modi Visit ISRO Headquarter:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনত অংশ লৈ ২৬ আগষ্টত বিদেশ যাত্ৰাৰ পৰা উভতি অহাৰ পিছত বেংগালুৰুত উপস্থিত হয় । বেংগালুৰু বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰী গৰাকী  পোনে পোনে ৰাওনা হয় ইছৰ’ৰ মুখ্য কাৰ্যালয়লৈ ।

প্ৰধানমন্ত্ৰী গৰাকীয়ে ইছৰ’ৰ মুখ্য কাৰ্যালয়ত চন্দ্ৰযান–৩ অভিযান সফল কৰা বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰে । প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় ,দক্ষিণ আফ্ৰিকাৰ ৰাজধানী জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনত অংশ লোৱা হেতুকে চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰৰ চন্দ্ৰত অৱতৰণ মুহূৰ্তত আপোনালোকৰ স’তে একাত্ম হ’ব নোৱাৰিছিলো ৷

তথাপিও ভাৰ্চুৱেল ভাষণৰ সময়ত মই কৈছিলো, “যেতিয়া আমি এনে ঐতিহাসিক মুহূৰ্তবোৰ দেখিবলৈ পাওঁ তেতিয়া ই আমাক অতি গৌৰৱান্বিত কৰে। এয়া হৈছে নতুন ভাৰতৰ আৰম্ভণি।”এইয়া আমাৰ ৰাষ্ট্ৰীয় গৌৰৱ। আমি তাত উপস্থিত হৈছো, য’লৈ কোনোৱে যাব পৰা নাছিল ৷’

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী গৰাকী বেংগালুৰুৰ এইচএএল বিমানবন্দৰৰ বাহিৰত প্ৰধানমন্ত্ৰীয়ে ‘জয় বিজ্ঞান জয় অনুসন্ধান’ ধ্বনি দিয়ে। মোদীক আদৰণি জনাবলৈ বিমানকোঠৰ বাহিৰত ৰৈ থকা জনতাক অভিবাদন জনাই কয়,‘‘মই নিজকে ৰখাব পৰা নাছিলো, কিয়নো মই দেশত নাছিলো, কিন্তু মই ভাৰতলৈ আহিয়ে প্ৰথমে বেংগালুৰুলৈ যোৱা আৰু বিজ্ঞানীসকলক সাক্ষাতৰ সিদ্ধান্ত লওঁ।’’

ইপিনে প্ৰধানমন্ত্ৰী ইছৰ’-এ হেডকোৱাৰ্টাৰত উপস্থিত হোৱাৰ পাছতে ইছৰ’ৰ সঞ্চালক সোমনাথে বিপুল আদৰণি জনায় ৷ ইয়াৰ পাছতে মোদীয়ে ইছৰ’ৰ টেলিমেট্ৰি, ট্ৰেকিং এণ্ড কমাণ্ড চেণ্টাৰ (আইএছটিআৰএচি)পৰিদৰ্শন কৰে ৷

আনহাতে ইছৰ’ৰ বিজ্ঞানীসকলে আয়োজন কৰা এক মতবিনিময় অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, আজি ইছৰ’ চেণ্টাৰত ‘‘যি উৎসৱ আজি ইয়াত দেখা পাইছো, সেয়া মই গ্ৰীচ, জোহান্সবাৰ্গতো দেখিছো। একেদৰে বিশ্বৰ চৌদিশে থকা ভাৰতীয় আৰু বিজ্ঞানত বিশ্বাস কৰা, মানৱতাৰ প্ৰতি সমৰ্পিত সকলো লোকেই উৎসাহী হৈ আনন্দ প্ৰকাশ কৰিছে ৷

আনহাতে ‘মুন লেণ্ডাৰ’–এ ‘অংগদ’ৰ দৰে চন্দ্ৰমাত শক্তিশালী খোজ পেলাইছে। এফালে বিক্ৰমৰ বিশ্বাস, আনফালে প্ৰজ্ঞানৰ পৰাক্ৰম। আজি সমগ্ৰ বিশ্বই ভাৰতৰ বিজ্ঞান যাত্ৰা, আমাৰ প্ৰযুক্তিক মানিবলৈ বাধ্য হৈছে। চন্দ্ৰযান মহাঅভিযান কেৱল ভাৰৰে নহয়, সমগ্ৰ মানৱতাৰ সফলতা।

ইছৰ’ চেণ্টাৰত বিজ্ঞানীসকলক প্ৰধানমন্ত্ৰীয়ে কয় যে স্পেচট মিছনৰ ট্ৰছ ডাউন– পইণ্টক এটা নাম দিয়াৰ এক বৈজ্ঞানিক পৰম্পৰা আছে। চন্দ্ৰমাৰ যি স্থানত আমাৰ চন্দ্ৰযান অৱতৰণ কৰিছে, ভাৰত চৰকাৰে সেই স্থানৰ নামকৰণৰ সিদ্ধান্ত লৈছে। যি স্থানত চন্দ্ৰযান–৩ লেণ্ডাৰ অৱতৰণ কৰিছে, সেই স্থানক ‘শিৱশক্তি’ নামেৰে জনা যাব। ‘শিৱ’ত মানৱতাৰ কল্যাণৰ সংকল্প সমাহিত আছে আৰু ‘শক্তি’ৰে আমি সেই সংকল্পক পূৰণ কৰাৰ সামৰ্থ্য লাভ কৰোঁ।

তেওঁ আৰু কয় যে, চন্দ্ৰযান–৩ৰ উক্ষেপনৰ সমগ্ৰ মিছনটোত আমাৰ মহিলা বিজ্ঞানীসকলে কিমান ডাঙৰ ভূমিকা পালন কৰিছে।সেইয়া সচাকৈয়ে অতুলনীয় ৷ চন্দ্ৰমাৰ ‘শিৱশক্তি’ পইণ্ট শতিকালৈ ভাৰতৰ এই বৈজ্ঞানিক আৰু দাৰ্শনিক চিন্তাৰ সাক্ষী হৈ থাকিব।

চন্দ্ৰমাৰ  যি স্থানত চন্দ্ৰযান–য়ে নিজৰ পদচিহ্ন এৰিছিল, সেই পইণ্ট এতিয়া ‘ত্ৰিৰংগা’ হিচাপে পৰিগণিত হ’ব। এই ত্ৰিৰংগা পইণ্ট ভাৰতৰ প্ৰতিটো প্ৰয়াসৰ প্ৰেৰণা হ’ব, এই ত্ৰিৰংগা পইণ্টে আমাক শিক্ষা দিব যে কোনো বিফলতাই শেষ হ’ব নোৱাৰে। যদি দৃঢ় ইচ্ছা শক্তি থাকে, তেন্তে সফলতা আহিবই।

ইছৰ’ চেণ্টাৰত বিজ্ঞানীসকলক মোদীয়ে কয় যে ২৩ আগষ্টত ভাৰতে চন্দ্ৰমাৰ বুকুত ত্ৰিৰংগা উৰুৱালে, সেই দিনটো এতিয়াৰ পৰা প্ৰতিবৰ্ষত ৰাষ্ট্ৰীয় মহাকাশ দিৱস( নেচনেল স্পেছ ডে ) হিচাপে পালন কৰা হ’ব বুলি ঘোষণা কৰে ৷

Exit mobile version