Tamulpur Flood:উজনি- নামনিত ভদীয়া বানৰ তাণ্ডৱ অব্যাহত

বানত বিচ্ছিন্ন যাতায়ত ব্যৱস্থা, তামুলপুৰত বাঢ়নি পানীয়ে উটুৱাই নিলে কালানদীৰ পকী দলং

bridge was lifted

Tamulpur Flood:

কি উজনি,কি নামনি ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ভদীয়া বানৰ তাণ্ডৱ ৷ বিটিআৰৰ তামুলপুৰত বানে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ব্যাহত কৰিছে জনজীৱন ৷

ADVERTISEMENT

ইয়াৰ মাজতে কালানদীৰ বাঢনি পানীয়ে উটুৱাই নিলে কালানদীৰ ওপৰত থকা জালাহ ৰোডৰ দলঙৰ একাংশ ৷ ফলত দুয়োপাৰৰ অঞ্চল সমূহৰ বাবে যাতায়তৰ অন্যতম উপায় দলংখন উটাই নিয়াত বিচ্ছিন্ন হয় যাতায়ত ব্যৱস্থা

উল্লেখ্য যে, জালাহ ৰোডৰে দৰংগা নদীৰ দলঙখনো বিগত জুন মাহৰ বানে উটুৱাই নিছিল বাঢনি পানীয়ে

যোৱা কেবাদিনো দি থকা মুষলধাৰ বৃষ্টিপাতৰ ফলত ভূটানৰ পৰা বৈ অহা পানীয়ে উফন্দি পেলাইছে কালানদী আৰু দৰংগা নদী ৷ ফলস্বৰূপে দুয়োখন নদীৰ ওপৰতে থকা দলং কেইখন বাঢনি পানীয়ে উটুৱাই নিয়ে ৷

ইতিমধ্যে লোকনিৰ্মাণ বিভাগৰ বিষয়াসহ মহকুমাধিপতি উটুৱাই নিয়া দুয়োখন দলং পৰিদৰ্শন কৰিছে ৷ স্থানীয় বানপীড়িত ৰাইজে শীৰ্ঘেই ভগ্নপ্ৰায় দলং দুখন মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰিবলৈ দাবী জনাই ৷

Exit mobile version