Aditya L1 Mission:দুই ছেপ্টেম্বৰত ইছৰ ৱে সূৰ্যলৈ উৎক্ষেপণ কৰিব আদিত্য-এল ১

adityal1 mission

Aditya L1 Mission:

ইছৰ’ৰ চন্দ্ৰযান-৩ৰ চন্দ্ৰপৃষ্ঠত সফল অৱতৰণৰ পাছত সূৰ্য অভিযানৰ প্ৰস্তুতি পূর্ণগতিত আৰম্ভ কৰি ইছৰ’ৱে ঘোষণা কৰিছে যে দুই ছেপ্টেম্বৰত সূর্য অভিমুখে ‘আদিত্য- এল১’ উৎক্ষেপণ কৰিব।

উল্লেখ্য যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ‘ইছৰ’ই ইতিমধ্যে ঘোষণা কৰিছে যে আগষ্টৰ শেষত অথবা ছেপ্টেম্বৰৰ আৰম্ভণিতে ‘আদিত্য-এল১’ সৌৰযান সূর্য অভিমুখে যাত্ৰা কৰিব।

প্রণিধানযোগ্য যে সেই ঘোষণা অনুযায়ী ইছৰ’ৱে নিশ্চিত কৰিলে দুই ছেপ্টেম্বৰত সৌৰযান আদিত্য-এল১ সূৰ্যলৈ ৰাওনা হ’ব।

চন্দ্ৰযান-৩ এই সফল অভিযানত মহাকাশ গৱেষণা সংস্থাই গৌৰৱান্বিত হৈ পূৰ্ণগতিৰে সূৰ্য অভিযানৰো প্রস্তুতি চলাইছিল। ইতিমধ্যে ইছৰ’ৰ তৰফৰ পৰা জনোৱা হৈছিল যে সূৰ্যৰ মাধ্যাকর্ষণ শক্তি,পৃথিৱীৰ মধ্যাকর্ষণ শক্তি আৰু মহাকাশ যানৰ শক্তিৰ ৰহস্য উদ্‌ঘাটনৰ বাবে আদিত্যৰ শৰীৰত সাতটা যন্ত্ৰ স্থাপন কৰা হৈছে।

এই যন্ত্ৰবোৰে আদিত্যক সূৰ্যৰ অভিমুখে ৰাওনা হোৱাত সক্রিয়ভাৱে সহায় কৰিব বুলিও ইছৰ’ৰ বিজ্ঞানীসকলে প্ৰকাশ কৰিছে । ভাৰতৰ এনে বিশ্ব অভিলেখক লৈ সমগ্ৰ বিশ্বৰ জনগণে আনন্দোল্লাসত মতলীয়া হৈ পৰাৰ পাছতে ইছৰ’ৰ বিজ্ঞানীসকলো আনন্দত আত্মহাৰা হৈ পৰিছে।

সেয়ে ইছৰ’ৱে চন্দ্ৰযান-৩ সফলতাত উৎফুল্লিত হৈ ‘আদিত্য-এল ১’ সৌৰযানেৰে সূৰ্য অভিযানক বাস্তৱত ৰূপ দিবলৈ দিনে-নিশাই মহাকাশ গৱেষণা সংস্থাৰ গৱেষণা কক্ষত ব্যস্ত হৈ উল্লিখিত পদক্ষেপ গ্ৰহণ কৰিছে। মহাকাশ গৱেষণা সংস্থা ইছৰ’ৰ এনে পদক্ষেপক সমগ্র ভাৰতবাসীয়ে আদৰণি জনাইছে।

Exit mobile version