Tiger :
মধ্য প্ৰদেশৰ কানহা ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত আনন্দৰ বতাহ । একেলগে পাঁচটা পোৱালি জন্ম দিলে বাঘিনীয়ে। বিগত শনিবাৰে প্ৰথমবাৰৰ বাবে পাঁচটা পোৱালিৰ স’তে দেখা গ’ল বাঘিনীজনীক । টাইগাৰ ৰিজাৰ্ভৰ এজন বিষয়া এছ কে সিঙে এইকথা জানিবলৈ দিয়ে । মঙলবাৰে এই খবৰ প্ৰকাশ্যেত আহে ।
কানহা বাঘ সংৰক্ষিত কেন্দ্ৰৰ তথ্য অনুসৰি, বাঘিনীজনীৰ বয়স ন বছৰ। বিগত বৰ্ষৰ নৱেম্বৰ মাহত সম্ভৱত পোৱালি জন্ম দিছিল বাঘিনীজনীয়ে।
সেই পাঁচটা পোৱালীৰ বয়স এতিয়া প্ৰায় তিনি মাহ। সকলো সুস্থ। বাঘিনীজনীক ‘ডিজে’ বুলি জনা যায় । পোৱালীটোৰ স’তে বাঘিনীজনীক দেখি পৰ্যটকসকলো উৎফুল্লিত হৈ পৰিছে ।
‘ অল ইণ্ডিয়া টাইগাৰ এষ্টিমেচন প্ৰতিবেদন ২০১৮ ‘ অনুসৰি, মধ্য প্ৰদেশত দেশত সৰ্বাধিক সংখ্যক বাঘ আছে। সেই ৰাজ্যখনত মুঠ ৫২৬ টা বাঘ বাস কৰে।
মধ্য প্ৰদেশত কেবাটাও বাঘ সংৰক্ষণ কেন্দ্ৰ আছে। কানহাৰ উপৰিও, বান্ধৱগড়, পেঞ্চ, সাতপুৰা আৰু পান্নাত বাঘ সংৰক্ষিত কেন্দ্ৰ আছে।
এই বছৰৰ আৰম্ভণিতে, উৰিষ্যাৰ নন্দনকানন চিৰিয়াখানাত এটা বগা বাঘিনীয়ে তিনিটা পোৱালি জন্ম দিয়ে । ইয়াৰ স’তে, নন্দনকাননত বাঘৰ সংখ্যা ২৮ লৈ বৃদ্ধি হৈছে।






























