Asp Charaideo Accused Of Torturing Maid Closed TO Assam Police HQ:
বনকৰা মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগত ইতিমধ্যে আত্মগোপন কৰি থকা চৰাইদেও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিলে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।
ইতিমধ্যে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এএছপি শুভলক্ষ্মী দত্তক হেড কোৱাৰ্টাৰ ক্ল’জড কৰাৰ কথা টুইটাৰ যোগে সদৰি কৰে ডি জি পি গৰাকীয়ে ৷
নিৰপেক্ষ তদন্তৰ খাতিৰত হেড কোৱাৰ্টাৰ ক্ল’জড কৰা হয় এএছপি দত্তক ৷ তদন্তত দোষী প্ৰমাণিত হ’লে বিভাগীয় শাস্তিৰ সন্মুখীন হ’ব শুভলক্ষ্মী দত্ত।
উল্লেখ্য যে,চৰাইদেও জিলাৰ এএছপি শুভলক্ষ্মী দত্তই নিজৰ চৰকাৰী আবাসগৃহত বনকৰা হিচাপে নিয়োজিত চাহ জনগোষ্ঠীয় মহিলা গৰাকীক অকথ্য নিয্যাতন চলাইছিল ৷ ইতিমধ্যে এই নিৰ্যাতন সন্দৰ্ভত ভূক্তভোগী মহিলা গৰাকীয়ে আটছাৰ সহযোগত থানাত গোচৰ দিয়ে ৷
অৱশেষত ডিজি পি জি পি সিঙে এএছপি দত্তক হেড কোৱাৰ্টাৰ ক্ল’জড নিৰ্দেশনা জাৰি কৰে ৷
মনকৰিবলগীয়া যে,বনকৰা মহিলা গৰাকীক অকথ্য নিৰ্যাতনৰ কথা সংবাদ মাধ্যমত বিস্তাৰিত ভাৱে প্ৰচাৰ হোৱাৰ পাছৰে পৰা শুংসূত্ৰ নাই এএছপি শুভলক্ষ্মী দত্তৰ ৷
সন্দেহ কৰা মতে আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত সংগোপনে অগ্ৰিম জামিনৰ বাবে আদালতৰ কাষ চাপিছে এএছপি গৰাকীয়ে ৷