Boat Accident In Sadia:শদিয়াৰ অমৰপুৰত নাও দুৰ্ঘটনা

অমৰপুৰৰ পৰা চাপাখোৱালৈ আহি থকা অৱস্থাত দুৰ্ঘটনা পতিত, কথমপি ৰক্ষা প্ৰায় ৩০ জন যাত্ৰীৰ

boat accident 2

Boat Accident In Sadia:

ভয়ংকৰ নাও দুৰ্ঘটনাৰ ৰক্ষা পৰিল নাও যাত্ৰী ৷ শদিয়াৰ অমৰপুৰৰ দিবাং নদীত সংঘটিত হয় ভয়ংকৰ নাও দুৰ্ঘটনা । কথমপি ৰক্ষা পৰে ৪০ জনৰো অধিক যাত্ৰীৰ।

উল্লেখ্য যে, বুধবাৰে পুৱা অমৰপুৰৰ পৰা শদিয়া সদৰলৈ যাত্ৰা কৰাৰ সময়ত দিবাং নদীৰ মাজভাগত সংঘটিত হয় নাও দুৰ্ঘটনাটো ৷

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত নাওখনত প্ৰায় ৪০ জনৰো অধিক যাত্ৰী থকাৰ লগতে টাটা ছুম’, বলেৰ পিকআপ লগতে আছিল কে’বাখনো মটৰ চাইকেল৷ ঘটনা সংঘটিত হোৱাা পাছতে টাটা ছুম’ আৰু মেজিকখন পানীত ডুব যায় যদিও যাত্ৰী সকল সৌভাগ্যক্ৰমে ৰক্ষা পৰে ৷

আনহাতে নাওৰ যাত্ৰী সকলৰ অভিযোগ নাও খনৰ মালিকৰ চৰম গাফিলতিৰ বাবে দুৰ্ঘটনাত পতিত হয় নাও খন ৷

আনহাতে ঘটনাস্থলীত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ নাও দুৰ্ঘটনাৰ বুজ লয় ৷

Exit mobile version