Nilachal Flyover Opened In Maligaon:
বহু প্ৰতীক্ষিত নীলাচল উৰণীয়া সেঁতু অৱশেষত হ’ল মুকলি ৷ ৰাজ্যৰ ভিতৰত দীৰ্ঘতম নীলাচল উৰণ সেতু খন বুধবাৰে বিয়লি মুকলি কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷
মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে মন্ত্ৰী অশোক সিংহাল,সাংসদ কুইন ওজা ,বিধায়কত্ৰয় অতুল বৰা,সিদ্ধাৰ্থ ভট্টাচাৰ্য,ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ৷
একেদৰে সেতুখনত থকা তিনিআলি মুল চ’কত আছে পৃথিৱীৰ গ্লৱ৷ তদুপৰি উৰণীয়া সেতুৰ লেণ্ডিং পইণ্ট বহুৱা হৈছে দুটাকৈ গতিৰোধক ৷
আনহাতে সেতুখনৰ তলৰ খুঁটাসমূহত চিত্ৰ শিল্পী সকলে আটকধুনীয়াকৈ অংকন কৰিছে ৰাজ্যখনৰ জনগোষ্ঠীয় সাজ-পোছাক, বাদ্যযন্ত্ৰৰ লগতে অৰণ্যৰ দৃশ্যৰাজি । একেদৰে সেতুখনৰ চৌদিশে অসমৰ সমাজ জীৱনৰ কিছু দৃশ্যৰ ছবি ভিন্ন ৰূপ দি অংকন কৰা হৈছে । ইয়ে নতুন মাত্ৰা প্ৰদান কৰিছে সেতু খনক ৷
অৱশেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই দীৰ্ঘ প্ৰতিক্ষাৰ অন্তত আজি মুখ্যমন্ত্ৰীয়ে নীলাচল উৰণ সেতু মুকলি হোৱাৰ লগে লগে যেন অৱসান ঘটিল যানযঁটৰ ৷
মনকৰিবলগীয়া যে,মালিগাঁৱৰ নৱনিৰ্মিত উৰণ সেঁতুখনৰ উদ্ধোধনৰ আগনিশা
( মঙলবাৰে) লোকনিৰ্মাণ বিভাগে নৱনিৰ্মিত সেঁতুৰ নাম নীলাচল উৰণ সেঁতু’ৰ ফলক লগাই দিয়ে সেতু প্ৰৱেশ গেইটত ৷