Urban wing Home Guards office:৩ বছৰতকৈ অধিক সময় নিজ গৃহ জিলাতে কৰ্তব্যৰত Urban wing Home Guards office খাৰগাওঁৰ প্লাটুন কমাণ্ডাৰ ধজেন্দ্ৰ নাৰ্জাৰী

চকু মুদা কুলিৰ ভাওঁ বেলতলাস্থিত গৃহৰক্ষী বাহিনীৰ ডি জিৰ

kokrajhar

Urban wing Home Guards office:

অসম পুলিচৰ উলুবাৰীস্থিত মূখ্য কাৰ্যালয়ৰ পৰা যোৱা ৯ জুনত আই জি পিয়ে এক জাননি যোগে ৩ বছৰতকৈ অধিক সময় একে ঠাইতে কটোৱা গৃহৰক্ষী জোৱানৰ লগতে কনিষ্টবলৰ পৰা পৰিদৰ্শকৰ বদলিৰ নিৰ্দেশ দিয়ে।

কিন্ত Urban wing Home Guards office কোকৰাঝাৰৰ খাৰগাৱস্থ,প্লাটুন কমাণ্ডাৰ  হিচাপে ২০২০ চনৰ জুনৰ মাহৰ পৰা ধজেন্দ্ৰ নাৰ্জাৰীয়ে ৩ বছৰতকৈও অধিক সময় নিজ গৃহ জিলাতে চাকৰি কৰি আছে।

কাৰ ছত্ৰছায়াত কমাণ্ডাৰ ধজেন্দ্ৰ নাৰ্জাৰীয়ে কৰ্তব্যৰত হৈ আছে। ইপিনে Urban wing home guards officeত গৃহৰক্ষীৰ জোৱান থকা সত্ত্বেও নিজৰ ভতিজাকক অফিচৰ কামত নিয়োজিত কৰি ৰাখিছে বুলি নাৰ্জাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।

ইপিনে বেলতলাস্থিত গৃহৰক্ষী বাহিনীৰ ডি জি অফিচৰ পৰা নিৰ্দেশনা অনুসৰি প্ৰতিজন গৃহৰক্ষী জোৱানক ৩ বছৰীয়া পৰিচয় পত্ৰ দিয়াৰ নিৰ্দেশ দিয়ে যদিও Urban wing home guards office ৰ প্লাটুন কমাণ্ডাৰ ধজেন্দ্ৰ নাৰ্জাৰীয়ে বেআইনী ভাবে উক্ত ৩ বছৰীয়া পৰিচয় পত্ৰ দিয়াৰ বিনিময়ত ২০০ টকাকৈ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

সমগ্ৰ বিষয়টো বেলতলাস্থিত গৃহৰক্ষী বাহিনীৰ ডি জিক ক্ষিপ্ৰতাৰে তদন্ত কৰিবলৈ সচেতন মহলে আহ্বান  জনায় ৷

Exit mobile version