One Nation,One Election :এক দেশ, এক নির্বাচন’ সন্দৰ্ভত কমিটী গঠন কেন্দ্ৰীয় চৰকাৰৰ

প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত আঠজনীয়া কমিটি গঠন

one nation

One Nation,One Election :

দেশত একে সময়তে লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যৰে এক দেশ, এক নির্বাচন‘ সন্দৰ্ভত এখন আঠজনীয়া কমিটি গঠন কৰে কেন্দ্ৰীয় চৰকাৰে ৷

প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠন হোৱা কমিটিৰ সদস্য সকল হ’ল :গৃহমন্ত্ৰী অমিত শ্বাহ, লোকসভাত বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰী,ডেমক্ৰেটিক প্ৰগ্ৰেছিভ আজাদ পাৰ্টিৰ সভাপতি গুলাম নবী আজাদ,পঞ্চদশ বিত্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষএন কে সিং,লোকসভাৰ প্ৰাক্তন মুখ্য সচিব সুভাষ কাশ্যপ,জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে আৰু দেশৰ প্ৰাক্তন মুখ্য সতৰ্কতা আয়ুক্ত সঞ্জয় কোঠাৰি ৷

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ১৮ ৰ পৰা ২২ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া সংসদৰ বিশেষ অধিৱেশনত ‘এক ৰাষ্ট্ৰ, এক নিৰ্বাচন’ বিধেয়ক উত্থাপন কৰিব পাৰে বুলি কোৱাৰ এদিন পিছত এই আঠজনীয়া কমিটি খন গঠন কৰা হয় ৷

Exit mobile version