Kamrup Academi H.S.School :কামৰূপ একাডেমীত কবিতা, চুটি গল্প লিখা, আবৃত্তি, আকস্মিক বক্তৃতা, চিত্ৰাঙ্কণ, হাতৰ আখৰ লিখা প্ৰতিযোগিতা

kamrup academy

Kamrup Academi H.S.School :

কামৰূপ একাডেমী প্ৰাক্তন ছাত্র সন্মিলনে কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অহা ১৫ ছেপ্তেম্বৰ ২০২৩ ৰ পৰা সাহিত্য আৰু ক্ৰীড়াৰ বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিছে ।

কামৰূপ একাডেমী প্ৰাক্তন ছাত্র সন্মিলনৰ সভাপতি বলেন্দ্ৰ ভৰালী আৰু সাধাৰণ সম্পাদক প্ৰিন্স ফাইজুল হক আৰু কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কাবেৰী বৰাই এক বিবৃতিযোগে জনায় যে-অহা ৭আৰু ৮ অক্টোবৰত বিদ্যালয়ত অনুষ্ঠিত হব লগা দ্বিতীয় প্ৰাক্তন ছাত্র সমাৰোহ ২০২৩, উপলক্ষে এই সাহিত্য আৰু ক্ৰীড়াৰ বিভিন্ন প্ৰতিযোগিতা সমূহৰ আয়োজন কৰা হৈছে ।

সদৌ অসম ভিত্তিত কবিতা আৰু চুটি গল্প লিখা প্ৰতিযোগিতাৰ লগতে কামৰূপ ( মহানগৰ)জিলা ভিত্তিত চিত্ৰাঙ্কণ, আবৃত্তি, আকস্মিক বক্তৃতা আৰু হাতৰ আখৰ লিখা প্ৰতিযোগিতা অনুষ্ঠিত হব। সদৌ অসম ভিত্তিত হব লগা কবিতা প্ৰতিযোগিতা অষ্টম শ্রেণীৰ পৰা দশম শ্রেণীলৈ ‘ক’ আৰু একাদশ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ খ’শাখাত আৰু চুটি গল্প নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণীলৈ অনুষ্ঠিত হব।

প্ৰতিযোগীয়ে তেওঁলোকৰ স্বৰচিত লেখা সমূহ অহা ২ অক্টোবৰৰ ভিতৰত ৰঞ্জন জ্যোতি শৰ্মা বৰদলৈ, সভাপতি ,প্ৰতিযোগিতা সমিতি, ফোন নং- ৯৩৬৫৪-৬৮৪৫৯, কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয় ,এম,চি ৰোড, চেনিকুঠি, গুৱাহাটী-৭৮১০০৩ বা kamrupacademyexstudent@gmail.com লৈ প্ৰেৰণ কৰিব লাগিব।

১ অক্টোবৰ তাৰিখে পূৱা ১০-৩০বজাৰ পৰা তিনিটা শাখাত চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত হব। ‘ক’ শাখা তৃতীয় শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈ,’খ’শাখা ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্রেণীলৈ আৰু ‘গ’ শাখা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণীলৈ। ২ অক্টোবৰ তাৰিখে পূৱা ১১ বজাত প্ৰাথমিক বিদ্যালয়ৰ চতুর্থ আৰু পঞ্চম শ্রেণীৰ ছাত্র-ছাত্ৰীৰ বাবে হাতৰ আখৰ লিখা প্ৰতিযোগিতা অনুষ্ঠিত হব ।

৩ অক্টোবৰ তাৰিখে পূৱা ১১ বজাৰ পৰা আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হব। ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ ‘ক’ শাখা আৰু নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ ‘খ’ শাখাত এই আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হব।আবৃত্তি প্ৰতিযোগীয়ে স্বনিৰ্বাচিত কবিতা তিনি মিনিটৰ ভিতৰত আবৃত্তি কৰিব লাগিব। অহা ১৫ ছেপ্তেম্বৰৰ পৰা কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আন্ত:শ্রেণী কেৰম প্ৰতিযোগিতা আৰু প্ৰাক্তন ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী সকলৰ মাজত কেৰম, কলহ ভঙা, মিউজিক চেয়াৰ,ৰন্ধন প্ৰতিযোগিতা অনুষ্ঠিত হব।

ইতিমধ্যে বিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ মাজত আন্ত:শ্ৰেণী স্মৃতিশক্তি, শ্ৰুতলিপি, কুইজ, আৰু আবৃত্তি প্ৰতিযোগিতা যোৱা ৩১ আগষ্টৰ পৰা আৰম্ভ হৈছে। দ্বিতীয় প্ৰাক্তন ছাত্র সমাৰোহ ২০২৩ খনি সুচাৰুৰূপে চলাই নিয়াৰ বাবে পৰাগ বৰঠাকুৰক সভাপতি, বিৰাজ শৰ্মা আৰু শ্যামল কুমাৰ ভট্টাচার্যক সাধাৰণ সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে।

Exit mobile version