Survey:২০২৪ত ৰাহুলে ক্ষমতাৰ পৰা মোদীক কৰিব পাৰিব নে ? : শেহতীয়া সমীক্ষাই

rahul modi

Survey:

কংগ্ৰেছ নেতা বাহুল গান্ধীয়ে ২০২৪ লোকসভাৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্ষমতাৰ পৰা বিৰোধীয়ে অপসাৰণ কৰিব বুলি হুংকাৰ দি আহিছে। মুম্বাইত সদ্যসমাপ্ত বিৰোধীৰ ইণ্ডিয়া মৰ্চাৰ বৈঠকৰ পাছতো ৰাহুলে দাবী কৰিছে যে ২০২৪ৰ নিৰ্বাচনত বিৰোধীয়ে একত্রিত হৈ মোদী চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰিব।

ৰাহুলে যুক্তি দশাই কয় যে ইণ্ডিয়াত অংশ লোৱা দলসমূহে দেশৰ ৬০ শতাংশ জনতাক প্রতিনিধিত্ব কৰে আৰু এইসমূহ দল একে মঞ্চত উপবিষ্ট হোৱাত মোদী চৰকাৰৰ পতন নিশ্চিত হ’ল। কংগ্ৰেছ নেতাজনৰ এই দাবীৰ সন্দৰ্ভত এবিপি নিউজৰ হৈ চি ভোটাৰে এক সমীক্ষা চলাইছে।

এই সমীক্ষাত অংশগ্রহণকাৰী প্ৰশ্ন কৰা হৈছিল যে ৰাহুল গান্ধীয়ে ২০২৪ত মোদীক পৰাজিত কৰিব বুলি উত্থাপন কৰা দাবীক সত্য বুলি বিশ্বাস কৰে নে? সমীক্ষাত অংশ লোৱা ৩৫ শতাংশ লোকে ৰাহুলৰ এই দাবী বিশ্বাসযোগ্য বুলি মত প্ৰকাশ কৰিলে।

আনহাতে, সমীক্ষাত অংশ লোৱা ৬০ শতাংশই কয় যে ২০২৪ত ৰাহুলে নিৰ্বাচনত মোদীক পৰাভূত কৰিব বুলি কৰা দাবীক তেওঁলোকে বিশ্বাস নকৰে। আনহাতে, সমীক্ষাত অংশ লোৱা পাঁচ শতাংশই কয় যে এতিয়াই এই বিষয়ত তেওঁলোকে মন্তব্য দিব নিবিচাৰে ৷

Exit mobile version